ৰেকিবুদ্দিন আহমেদৰ সমষ্টি ছয়গাঁৱত উন্নয়নৰ নগ্ন ছবি
নিয়মীয়া বাৰ্তা, ২১ আগষ্টঃ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কালাতুলী পকী পথৰ পৰা দেওবৰীয়া বজাৰত যোৱা পথৰ শোচনীয় অৱস্থাৰ ফলত জীয়াতু ভুগিবলগীয়া হৈছে পথচাৰীৰ। উল্লেখ যে পথচোৱাৰে দৈনিক শ শ পথচাৰী অহাযোৱা কৰে যদিও পথচোৱা যাতায়ত কৰাৰ ক্ষেত্ৰত কোনো জনপ্ৰতিনিধিয়ে ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন উঠিছে। এজাক বৰষুণ আহিলে পথচোৱা এনে শোচনীয় হয় যে পথচোৱাৰে গাড়ী মটৰতো দূৰৈৰ কথা খোজকাঢ়ি যোৱাৰো কোনো ব্যৱস্থা নাথাকে। ফলত স্কুলীয়া ছাত্র ছাত্ৰীৰ যাতায়তৰ লগতে ৰোগীক লৈ যমৰ যাতনা ভূগিবলগীয়া হৈছে। মনকৰিবলগীয়া যে পথচোৱা নিৰ্মাণ কৰাৰ নামত স্থানীয় একাংশ জনপ্ৰতিনিধিয়ে চৰকাৰৰ ফালৰ পৰা ধন মুকলি কৰি ৰৈ কেৱল নামেকামে কাম কৰি ধন আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন উঠিছে। পথছোৱা নিৰ্মাণ কৰিবলৈ ৰাইজে স্থানীয় বিধায়ক ৰেকিবুদ্দিন আহমেদক আবেদন নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন উঠিছে। শীঘ্ৰেই পথছোৱাত পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰৰ অনুৰোধ জনাইছে।
প্ৰেৰক আনোৱাৰ হুছেইন