স্মার্ট মিটাৰ খৰচী যদি মেন্যুৱেল মিটাৰ লগালেই প্রকৃত সত্য ওলাই পৰিব
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ আগষ্টঃ স্মার্ট মিটাৰে ৰাইজক জ্বলাকলা খুৱাইছে চলা চৰ্চাৰ মাজতে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত স্মার্ট মিটাৰ লগোৱাৰ পাছত অসমত বিদ্যুৎ ব্যয় কমিছে বুলি মন্তব্য কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মানুহে বিদ্যুৎ বিল তুলনা কৰে পূর্বৰ মাহৰ বিদ্যুৎ বিলৰ লগত৷ কিন্তু যিটো মাহৰ বিদ্যুৎ বিলৰ তুলনা কৰে, সেয়া পূর্বৰ বছৰৰ একেই মাহৰ বিদ্যুৎ বিলৰ সৈতে তুলনা কৰিলেহে প্রকৃত সত্যটো জানিব পাৰিব৷ স্মার্ট মিটাৰ লগোৱাৰ ফলত যিসকলে বিদ্যুৎ বিল বাঢ়িছে বুলি ভাবিছে, তেওঁলোকক প্রয়োজনত মেন্যুৱেল মিটাৰ এটাও লগাই দিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এটা স্মার্ট মিটাৰ আৰু এটা মেন্যুৱেল মিটাৰ লগাই দি এমাহ পাছত দুয়োটা মিটাৰত বিদ্যুতৰ ৰিডিং চালেই সত্যটো ওলাই পৰিব৷ স্মার্ট মিটাৰ আৰু মেন্যুৱেল মিটাৰৰ মাজত এটা পইণ্টৰো যদি গণ্ডগোল ওলাই পৰে, অসমত স্মার্ট মিটাৰ উঠাই দিয়া হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে অসমত স্মার্ট মিটাৰ লগোৱাৰ পাছত বিদ্যুতৰ ব্যয় কমিছে৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে স্মার্ট মিটাৰ লগোৱাৰ ফলত বিদ্যুৎ বিল বেছি বাঢ়িলে এপিডিচিএলৰ উপার্জন বাঢ়িব লাগিছিল৷ কাৰণ বিদ্যুৎ বিল বঢ়াৰ লগে লগে সেই ৰাজহ এপিডিচিএলত জমা হ’ব৷ কিন্তু তেনেকুৱা হোৱা নাই৷ তদুপৰি জুন–জুলাই–আগষ্ট–ছে মাহত বিদ্যুৎ বিল বেছি হয়েই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অক্টোবৰ মাহৰ পৰা স্বাভাৱিকতে বিদ্যুতৰ বিল কমি আহে৷ তদুপৰি অহা এক এপ্রিলৰ পৰা ৰাজ্যখনত প্রতি ইউনিট বিদ্যুতত এটকাকৈ মাচুল হ্রাস পাব বুলিও উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশৰ ভিতৰত অসমেই একমাত্র ৰাজ্য, যিয়ে প্রতি ইউনিটত এটকাকৈ বিদ্যুৎ মাচুল হ্রাস কৰাৰ সিদ্ধান্ত লৈছে৷