ৰামেশ্বৰ তেলী-মিছন ৰঞ্জন দাসৰ মনোনয়ন দাখিল
নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ আগষ্টঃ অসমৰ দুখন ৰাজ্যসভাৰ আসনৰ বাবে হ’বলগীয়া উপ নির্বাচনৰ মনোনয়ন দাখিলৰ আজি অন্তিম দিনা বিজেপিৰ ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাসে বিজেপি মিত্রজোঁটৰ প্রার্থী হিচাপে মনোনয়ন পত্র দাখিল কৰে৷ ইয়াৰ বিপৰীতে এইবাৰ ৰাজ্যসভা নির্বাচনত বিৰোধীৰ কোনো এজন প্রার্থীয়ে মনোনয়ন দাখিল কৰা নাই৷ ফলত ৰামেশ্বৰ তেলী আৰু মিছন ৰঞ্জন দাস বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ আজি অসম বিধানসভা সচিবালয়ত ৰাজ্যসভা নির্বাচনৰ ৰিটার্নিং বিষয়াৰ ওচৰত তেলী আৰু দাসে মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেন্দ্রীয়মন্ত্রী সর্বানন্দ সোণোৱাল, অগপৰ সভাপতি মন্ত্রী অতুল বৰা, ইউপিপিএলৰ জ্যেষ্ঠ নেতা তথা মন্ত্রী ঊর্খাও গৌৰা ব্রহ্মকে ধৰি বিজেপি, অগপ, ইউপিপিএলৰ বিধায়কসকল উপস্থিত থাকে৷