নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছিয়াৰ ভিতৰত আটাইতকৈ সমৃদ্ধিশালী গাঁওখন…

🔹 ৩২ হাজাৰ বাসিন্দাৰ ফিক্সড ডিপ’জিট ৭,০০০ কোটি টকা

নিউজ ডেস্ক, ২৩ আগষ্ট : এছিয়াৰ ভিতৰত আটাইতকৈ সমৃদ্ধিশালী গাঁওখন আছে গুজৰাটত৷ গুজৰাট বুলি ক’লেই দেশৰ ধনী ব্যৱসায়ীসকলৰ বসতিস্থল৷ আম্বানি, আদানীৰ দৰে ধনকুবেৰ গুজৰাটৰ সন্তান৷ এই গুজৰাটতেই আছে এছিয়াৰ আটাইতকৈ ধনী গাঁওখন৷ গাঁওখনৰ নাম মাধাপুৰ৷ তালুক গুজৰাটৰ কচ্ছ৷ এই গাঁৱৰ বসিন্দাসকলৰ বেংক একাউণ্টত আছে ৭,০০০ কোটি টকা ফিক্সড ডিপ’জিট৷ মাধাপুৰত মূলতঃ থাকে পেটেল সম্প্রদায়ৰ লোকসকল৷ গাঁওখনৰ জনসংখ্যা ৩২ হাজাৰ৷ এই ৩২ হাজাৰ জনসংখ্যাৰ বাবে মাধাপুৰ গাঁৱত আছে দেশৰ ১৭টা বেংকৰ শাখা৷ ইয়াৰ উপৰি বেচৰকাৰী বেংকৰো বহু শাখা আছে৷ বিদেশৰ পৰা অহা ধনেৰে মাধাপুৰ এছিয়াৰ ভিতৰত সমৃদ্ধিশালী গাঁও৷ প্রায় ২০ হাজাৰ বাসগৃহ আছে মাধাপুৰত৷ কিন্তু ইয়াৰে ১,২০০ পৰিয়াল আছে বিদেশত৷ বিদেশৰ পৰাই অহা ধনেৰে মাধাপুৰ এতিয়া এছিয়াৰ সমৃদ্ধিৰ শিখৰত থকা গাঁও৷

You might also like