মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সপ্তাহত প্ৰদৰ্শন হ’ব ১৮খন ভাৰতীয় ছবি
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৩ আগষ্টঃ ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোত আজিৰ পৰা ২৮ আগষ্টলৈ অনুষ্ঠিত হ’ব মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সপ্তাহ। এই চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ ওপৰত গুৰুত্ব আৰোপ কৰি ব্যৱসায়িক অনুষ্ঠানৰ কেলেণ্ডাৰ মুকলি কৰা হ’ব। এই চলচ্চিত্ৰ সপ্তাহত ১৮খন ভাৰতীয় ছবি প্ৰদৰ্শন কৰা হ’ব আৰু ভাৰতীয় চলচ্চিত্ৰ জগতৰ প্ৰধান প্ৰতিনিধিসকলে অংশগ্ৰহন কৰিছে। এই অনুষ্ঠানত ভাৰত, চীন, তুৰস্ক, ইৰাণ, ইজিপ্ত আৰু থাইলেণ্ডৰ বিশিষ্ট প্ৰতিনিধি দলকে ধৰি ৪০খনতকৈও অধিক দেশৰ অংশগ্ৰহণেৰে মস্কো এক বিশাল চিনেমাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হৈছে। চলচ্চিত্ৰ সপ্তাহত ভাৰত, চীন, ইণ্ডোনেছিয়া, ব্ৰাজিল আৰু ৰাছিয়াৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিনিধিসকলক একত্ৰিত কৰা হ’ব। ভাৰতীয় প্ৰতিনিধিসকলৰ ভিতৰত আছে মহাৰাষ্ট্ৰ চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী সুধীৰ এছ মুংগান্টিৱাৰ, মুখ্যমন্ত্ৰী কাৰ্যালয় আৰু সাংস্কৃতিক বিভাগৰ প্ৰধান সম্পাদক বিকাশ খৰাগে, তেলেগু চলচ্চিত্ৰ বাণিজ্য চেম্বাৰৰ সভাপতি দিল ৰাজু, নয়ডা ফিল্ম চিটিৰ প্ৰতিষ্ঠাপক সন্দীপ মাৰৱাহ, ইনভেষ্ট ইণ্ডিয়াৰ উপ-সভাপতি শ্ৰুতি ৰাজকুমাৰ, গ্ৰীণগল্ড ষ্টুডিঅ’ৰ মুখ্য কাৰ্য্যবাহী বিষয়া ৰাজীৱ চিলাকা আৰু লগতে চলচ্চিত্ৰ আৰু সংবাদ মাধ্যম জগতৰ নেতাসকল। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিল মাহত এই ভ্ৰমণৰ সময়ত মস্কোৰ এটা প্ৰতিনিধি দলে মুম্বাইত বলীউডৰ চলচ্চিত্ৰ জগতৰ সৈতে পৰিচিত হৈছিল আৰু যৌথ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। সাম্প্ৰতিক এই ভ্ৰমণ আৰু চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় প্ৰতিনিধি দলৰ অংশগ্ৰহণে এই ক্ষেত্ৰত অধিক ঘনিষ্ঠ সহযোগিতা প্ৰদৰ্শন কৰিব বুলি আশা কৰা হৈছে । ২০২৪-২০২৯ বৰ্ষৰ সময়ছোৱাত ভাৰতৰ চিনেমাৰ বজাৰ ৫.৫০% বৃদ্ধি হোৱাৰ আশা কৰা হৈছে যাৰ ফলত ২০২৯ চনত এই বজাৰৰ পৰিমাণ ৬.০৫ বিলিয়ন মাৰ্কিন ডলাৰ হ’ব। দুয়োপক্ষই এই ক্ষেত্ৰত অন্বেষণৰ বহু সম্ভাৱনা দেখিবলৈ পাইছে। ভাৰতীয় ছবিৰ উপৰিও মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সপ্তাহত ৩০০ৰো অধিক প্ৰদৰ্শনী অনুষ্ঠিত হ’ব, য’ত ৰাছিয়ান আৰু ৭০খনতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় ছবি প্ৰদৰ্শিত হ’ব। ‘মস্কোৱে চলচ্চিত্ৰ উদ্যোগৰ ক্ষেত্ৰত ভাৰতীয় সহকৰ্মীসকলৰ সৈতে সক্ৰিয়ভাৱে সম্পৰ্ক গঢ়ি তুলিছে। মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সপ্তাহে ৰাছিয়ানসকলক ভাৰতৰ শেহতীয়া ছবিসমূহৰ সৈতে পৰিচিত কৰি তুলিব আৰু মস্কো আৰু ভাৰতৰ মাজত যৌথ প্ৰকল্প সৃষ্টিত অৰিহণা যোগাব। আমি ভাৰতক আমাৰ অন্যতম মূল অংশীদাৰ বুলি গণ্য কৰোঁ আৰু যৌথ পদক্ষেপৰ অধিক বিকাশৰ ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা দেখিবলৈ পাওঁ।’ প্ৰসঙ্গত মস্কো চৰকাৰৰ মন্ত্ৰী তথা মস্কো চহৰৰ সংস্কৃতি বিভাগৰ মুৰব্বী এলেক্সি ফাৰচিনে কয়।