বাংলাদেশৰ ক্ৰিকেটাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে হত্যাৰ অভিযোগ
নিউজ ডেস্ক, ২৪ আগষ্ট : বাংলাদেশৰ তাৰকা অলৰাউণ্ডাৰ শ্বাকিব আল হাছানৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ৷ ৰুবেল ইছলামৰ হত্যাত জড়িত থকাৰ অভিযোগ তুলি ৰুবেলৰ পিতৃয়ে দাখিল কৰা এজাহাৰত সন্নিৱিষ্ট কৰা হৈছে ক্রিকেটাৰগৰাকীৰ নাম৷ এই এজাহাৰত ইতিমধ্যে ১৫০ৰো অধিক লোক এই হত্যাত জড়িত থকা বুলি উত্থাপিত হৈছে অভিযোগ৷ ঢাকা ট্ৰিবিউনত প্রকাশ পাইছে এই তথ্য৷ বিগত ৫ আগষ্টত ৰিং ৰোডত এক প্রতিবাদী সমদলৰ সময়ত ৰুবেলৰ বুকু আৰু পেটত গুলী লগাৰ ফলত তেওঁৰ মৃত্যু ঘটিছিল৷ সমদলটোৰ সময়ত কোনোবাই ভিৰৰ মাজতে কৰিছিল এই গুলীচালনা, যিটো এটা ষড়যন্ত্র হিচাপে গণ্য কৰা হৈছে৷ শ্বাকিবক গোচৰটোৰ ২৮ নম্বৰ অভিযুক্ত হিচাপে তালিকাভুক্ত কৰা হৈছে৷ আনহাতে, বাংলাদেশী অভিনেতা ফিৰদৌছ আহমেদ তালিকাৰ ৫৫নং স্থানত আছে৷ দুয়োজন আৱামী লীগৰ প্রাক্তন সদস্য৷ প্রধানমন্ত্রী শ্বেইখ হাছিনাৰ দৰে আন বিশিষ্ট লোকৰ নামসমূহো অভিযুক্তৰ তালিকাত ৰখা হৈছে৷ ঘটনাটোৰ সৈতে সম্পর্কিত প্রায় ৪০০–৫০০ অচিনাক্ত লোক এই গোচৰটোত জড়িত হৈ আছে৷ শ্বাকিবে বর্তমান এখন টেষ্ট শৃংখলাৰ বাবে পাকিস্তানত ভ্রমণত আছে৷