নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত লম্পট শহুৰেকৰ নিৰ্লজ্জ কাণ্ড : জে’ললৈ প্ৰেৰণ

🔹 দুপৰীয়া শুবলৈ যোৱা বোৱাৰীয়েকক ভয়-ভাবুকিৰে ধৰ্ষণ

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট : ধিঙৰ কু-কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই তিতাবৰত সংঘটিত হ’ল শহুৰ-বোৱাৰীৰ পৱিত্ৰ সম্পৰ্কত কালিমা সনা এটা অতি লজ্জাজনক ঘটনা। তিতাবৰৰ যাদৱ বৰা নামৰ এজন লম্পট শহুৰেকে নিজৰ আসুৰিক যৌন বাসনা পূৰাবৰ বাবে হত্যাৰ ভয়-ভাবুকি প্ৰদান কৰি দিন-দুপৰতে নিজ বোৱাৰীয়েকক ধৰ্ষণ কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। ৫ আগষ্টতে ধৰ্ষণ কৰি পলায়ন কৰা লম্পট শহুৰেক যাদক বৰাক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰিছে। এই ঘটনাই সমগ্ৰ তিতাবৰৰ সমাজ জীৱনক অতিকে লজ্জানত কৰিছে। ভুক্তভোগী বোৱাৰীগৰাকীয়ে সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি, ৫ আগষ্টৰ দিনা দুপৰীয়া তেওঁ কামৰ পৰা আজৰি হৈ অলপ শুবলৈ গৈছিল। তেতিয়াই শহুৰেক যাদৱ বৰাই বোৱাৰীয়েক শুই থকা কোঠালৈ সোমাই গৈ ধৰ্ষণ কৰে। বোৱাৰীয়েকে শহুৰেকৰ কাণ্ডৰ তীব্ৰ বিৰোধিতা কৰিছিল যদিও শহুৰেকে বদনামী কৰি দিয়া, হত্যা কৰা আদি ভয়-ভাবুকি প্ৰদান কৰে। ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ পিছতে পলায়ন কৰে শহুৰেক যাদৱ বৰাই। প্ৰথম অৱস্থাত ভুক্তভোগী বোৱাৰীগৰাকীৰ স্বামীৰ লগতে স্বামীৰ পৰিয়ালে ঘটনাটো গাপ দিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছিল। কিন্তু বোৱাৰীগৰাকীয়ে পিছত সমগ্ৰ ঘটনা সন্দৰ্ভত নিজ পিতৃগৃহত অৱগত কৰাত লগে লগে পিতৃয়ে আহি তিতাবৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতো বোৱাৰীগৰাকীৰ স্বামীগৃহৰ পৰা এজাহাৰ উঠাবলৈ বিভিন্ন প্ৰক্ৰিয়াৰে চেষ্টা চলাইছিল যদিও সফল নহ’ল বুলি জানিব পৰা গৈছে। অৱশেষত পলায়ন কৰি থকা যাদৱ বৰা নামৰ লম্পটটোক ৰাইজৰ তৎপৰতাত তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে আজি আদালতত হাজিৰ কৰাই জে’ললৈ প্ৰেৰণ কৰে। সমাজ কলুষিত এনে লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ প্ৰশাসনক তিতাবৰৰ সচেতন ৰাইজে দাবী জনাইছে।

প্ৰেৰক অজয় শইকীয়া

You might also like