নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লম্পট পূজাৰীৰ কামনাৰ বলি হ’ল দহ বছৰীয়া ছাত্ৰী

🔹 কাৰ্বি আংলঙৰ ডিফুত জঘন্য ঘটনা

🔹 হামৰেণৰ পৰা পূজা কৰিবলৈ আহিছিল নৰাধম খনছিং ৰংহাং

বিশেষ বাৰ্তা, ২৪ আগষ্ট : কাৰ্বি আংলঙৰ ডিফুত এক জঘন্য ঘটনা সংঘটিত হৈছে । পূজাৰীৰ কামনাৰ বলি হ’ল দহ বছৰীয়া ছাত্ৰী । ঘটনা সংঘটিত কৰা পাষণ্ডটোৰ নাম খনছিং ৰংহাং। বৃহস্পতিবাৰে হামৰেণৰ পৰা ডিফুলৈ পূজা কৰিবলৈ আহিছিল খনছিং ৰংহাং নামৰ পূজাৰীজন । সেই নিশাই গৃহস্থৰ ঘৰত অপকৰ্ম সংঘটিত কৰে পূজাৰীয়ে। শুকুৰবাৰে বিদ্যালয়লৈ যোৱা নাবালিকাগৰাকীয়ে পেটৰ বিষত আক্ৰান্ত হৈ মাতৃক অৱগত কৰে। গৃহস্থৰ ঘৰৰ পৰা ইতিমধ্যে ওলাই যোৱা পূজাৰীক বিচাৰি উলিয়াই আটক কৰি উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়া হয়। ডিফু থানাত এই সন্দৰ্ভত ২৫/২০২৪ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ডিফু আৰক্ষীয়ে। ইপিনে, প্ৰহাৰত আহত পূজাৰীক ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । শনিবাৰে দুপৰীয়া পোহৰলৈ আহে এই জঘন্য ঘটনা । ডিফুত সংঘটিত হৈছে এই ঘটনা ৷ উল্লেখ্য যে বৃহস্পতিবাৰে শেষ নিশা নাবালিকাগৰাকীৰ সৈতে সংঘটিত হয় ধৰ্ষণ কাণ্ড ৷ হামৰেণৰ পৰা ডিফুৰ ভুক্তভোগীৰ বাসগৃহত পূজা সম্পন্ন কৰিবলৈ আহিছিল ৪০ বছৰীয়া লম্পট খনছিং ৰংহাঙে ।

প্ৰেৰক ৰাজু কাঠাৰ

You might also like