কর্তব্যৰ সময়ৰ বাহিৰত ৰিচিভ নকৰিব ‘বছ’ৰ ফোন
🔹 প্রণয়ন হোৱা নতুন আইনে অধিকাৰ দিলে কর্মচাৰীক
নিউজ ডেস্ক, ২৫ আগষ্ট : কামৰ সময়ৰ পাছত গুৰুত্ব দিয়াৰ প্রয়োজন নাই কার্যালয়ৰ বছসকলক! বৰঞ্চ ইচ্ছা কৰিলে কাটি দিব পাৰিব বছৰ ফোন৷ আমাৰ দেশত এনে ঘটনা হোৱা নাই৷ গতিকে বছৰ ফোনক যেতিয়াই তেতিয়াই গুৰুত্ব দিব লাগিব৷ কিন্তু অষ্ট্রেলিয়াত নতুন আইন প্রণয়ন কৰা হৈছে৷ এই আইন অনুসৰি প্রতিগৰাকী কর্মচাৰীয়ে অধিকাৰ লাভ কৰিছে কর্তব্যৰ সময়ৰ পাছত বছৰ ফোন ৰিচিভ নকৰাৰ৷ মূল বিষয়টো হৈছে কামৰ ক্ষেত্রৰ সৈতে কামক নির্ধাৰণ কৰি ৰখা৷ কিন্তু বর্তমান পৃথিৱীত কর্প’ৰেটৰ কামৰ ক্ষেত্রত কর্মীৰ ঘৰৰ ভিতৰত সোমাই পৰিছে কামৰ তাগিদা৷ পৰিণতিত যিকোনো সময়তে কার্যালয়ৰ পৰা ফোন অহা নাইবা তাৎক্ষণিকভাৱে জৰুৰী কোনো প্রেজেণ্টেচন প্রস্তুত কৰা আৰু মিটিঙত অনলাইন থকা অতি স্বাভাৱিক ঘটনা হৈ পৰিছে৷ ক’ৰোনাকালত সমগ্র বিশ্বত ৱর্ক ফৰ্ম হোম কালচাৰত অভ্যস্ত হৈ পৰাৰ ফলত কর্মক্ষেত্র হৈ পৰিছে ঘৰ৷ কিন্তু সপ্তাহৰ প্রতিটো দিনেই ২৪ ঘণ্টা কামৰ সৈতে জড়িত থকা এই ঘটনাৰ অন্ত পৰিল অষ্ট্রেলিয়াত৷ দেশখনত নতুন আইন অনুসৰি কর্মচাৰীসকলক অধিকাৰ দিয়া হৈছে কর্তব্যৰ সময়ৰ বাহিৰত বছৰ অনুৰোধ ৰক্ষা নকৰিবলৈ৷ কর্তব্যৰ সময়ৰ পাছত এগৰাকী কর্মচাৰীয়ে কম্পিউটাৰ তথা ফোন বন্ধ ৰাখিব পাৰিব৷ লক্ষণীয়ভাৱে ফ্রান্স, জার্মানীসহ ইউৰোপীয় ইউনিয়নত অন্তর্ভুক্ত দেশসমূহত এই নিয়ম পূর্বৰে পৰা বাহাল আছে৷