🔹 ‘ধিঙৰ ঘটনা কেৱল ধর্ষণেই নহয়, অসমীয়া মানুহক ভীতিগ্রস্ত কৰি ভূমি হস্তগত কৰাৰ ষড়যন্ত্র’
বিশেষ বাৰ্তা, ২৫ আগষ্ট : ধিঙত সংঘটিত কিশোৰী ধর্ষণৰ ঘটনাটো কেৱল ধর্ষণেই নহয়, অসমীয়া মানুহক ভীতিগ্রস্ত কৰি ভূমি হস্তগত কৰাৰ ধাৰাবাহিক ষড়যন্ত্রৰ অংশ৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি নিশা ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয় যে ইতিমধ্যে ৰাজ্যখনৰ ১২–১৪খন জিলাত আমি সংখ্যালঘু হৈ পৰিছোঁ৷ সেই জিলাসমূহত ১০–১৫ বছৰ ধৰি এটা বিশেষ সম্প্রদায়ে চলাই অহা ভূমি দখলৰ বাবেই আমি সংখ্যালঘুত পৰিণত হৈছোঁ৷ তেওঁলোকে প্রথমতে বিভিন্ন অপৰাধ সংঘটিত কৰি আমাৰ মানুহখিনিক অসুৰক্ষিত অনুভৱ কৰায়৷ তাৰ পিছত স্বাভাৱিকতে আমাৰ মানুহখিনিয়ে সেই স্থান এৰিবলৈ আৰম্ভ কৰে আৰু তেওঁলোকে আমাৰ মাটিবোৰ লৈ লয়৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ জন্মস্থান ধিং–বটদ্রৱাত এনে কার্য ধাৰাবাহিকভাৱে চলি আহিছে৷ যোৱা কিছু বছৰৰ পৰা ধিঙত আমাৰ মানুহৰ ওপৰত সেই বিশেষ শ্রেণীটোৱে ধাৰাবাহিকভাৱে চাপৰ সৃষ্টি কৰি সেই অঞ্চল এৰিবলৈ বাধ্য কৰাই আহিছে৷ ধিং নগৰক বাদ দি তাত অসমীয়া মানুহ এতিয়া নাই বুলিবই পাৰি৷ অথচ গাঁওসমূহৰ নাম চালে দেখিবলৈ পাব অঞ্চলসমূহত অসমীয়া মানুহৰে বসতি আছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে যিবোৰ স্থানত জনগাঁথনিৰ পৰিৱর্তন আহিছে, তাতেই ধর্ষণকে ধৰি অপৰাধমূলক ঘটনাবোৰ সংঘটিত হৈছে৷ পৰিকল্পিতভাৱে এটা বিশেষ শ্রেণীয়ে সেই অপৰাধমূলক ঘটনা সংঘটিত কৰি আমাৰ মানুহসকলক ভীতিগ্রস্ত কৰে আৰু লাহে লাহে আমাৰ মানুহবোৰে সেই স্থান ত্যাগ কৰে৷ তেওঁলোকে ৫ লাখৰ মাটি ৫০ লাখ টকা দি ক্রয় পর্যন্ত কৰে৷ বৰপেটা, সর্থেবাৰী, জনিয়া, বাঘবৰ, বৰক্ষেত্রী, মুকালমুৱাত থকা অসমীয়া মানুহৰ সৈতে কথা পাতিলেই মই কোৱা কথাবোৰেই ক’ব৷ অসম আন্দোলনো এইবোৰ কাৰণৰ বাবেই হৈছিল৷ পৰহি ধিঙত প্রতিবাদকাৰী মহিলাসকলেও মই ইমানদিনে কৈ অহা কথাবোৰেই কৈছে৷ ধিঙৰ ঘটনা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লোকসভা নির্বাচনৰ পাছত ৰাষ্ট্রীয় ৰাজনীতিত হোৱা যিটো পৰিৱেশ আৰু অসমত ধুবুৰীৰ দৰে লোকসভাৰ আসনত এটা বিশেষ দলৰ বিজয়ৰ পাছত আমাৰ ৰাজ্যত কিছু ব্যক্তিয়ে অপৰাধজনিত কাম–কাজত তৎপৰ হৈ উঠা দেখা পাইছোঁ৷ ইয়াৰ পূর্বে ৰাজ্যখনত যোৱা দুটা মাহত ২২টা এনেধৰণৰ ঘটনা সংঘটিত হৈছে৷ পৰহি ধিং, তেজপুৰ, গোসাঁইগাঁৱতো তেনে ঘটনা সংঘটিত হয়৷ ৰাজনৈতিক পৃষ্ঠপোষকতা নাথাকিলে এনে ঘটনা কমি যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ঘটনাবিলাকত যেতিয়া ৰাজনৈতিক পৃষ্ঠপোষকতা আহে, সামাজিক মাধ্যমত তেওঁলোকক সমর্থন জনোৱা হয়, সাহস যোগোৱা হয়, তেতিয়া অপৰাধীয়ে সাহস পায়৷ অপৰাধীয়ে সাহস পালে এনে ঘটনা সমাজত বৃদ্ধি পায়৷ এনেকুৱা ঘটনা যাতে সমাজত নহয়, তাৰ বাবে সমাজ ঐক্যবদ্ধ হৈ থাকিব লাগিব, সংগঠিত হৈ থাকিব লাগিব আৰু ৰাজ্য চৰকাৰে লোৱা কঠোৰ পদক্ষেপসমূহক সমর্থন জনাব লাগিব৷ সেয়ে কোনেও এনে ঘটনাক লৈ ৰাজনীতি কৰিব নালাগে৷ এনেধৰণৰ ঘটনা সামাজিক অপৰাধ৷ এনে অপৰাধৰ বিৰুদ্ধে অসম চৰকাৰ আৰু অসম আৰক্ষীয়ে কঠোৰ ব্যৱস্থা লৈছে আৰু লৈ থাকিব৷ এইক্ষেত্রত ৰাইজেও সহায় কৰিব লাগিব৷ আনহাতে কালি দিনৰ ভাগত শিলচৰত আয়োজিত এখন সংবাদ মেলত ধিঙৰ ঘটনা সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ধিঙৰ ঘটনা সম্পর্কত আৰক্ষীয়ে এজন অপৰাধীক গ্রেপ্তাৰ কৰিছিল৷ পৰহি ৰাতি অপৰাধীজনে আৰক্ষীৰ জিম্মাৰ পৰা পানীত জঁপিয়াই পলোৱাৰ চেষ্টা কৰিছিল৷ কিন্তু দুর্ভাগ্যজনকভাৱে অপৰাধীজন পানীত ডুবি মৃত্যুমুখত পৰে৷ প্রত্যেকটো মৃত্যুকে দুর্ভাগ্যজনক আখ্যা দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইতিমধ্যে আৰক্ষীক বিষয়টো অনুসন্ধান কৰিবলৈ দিয়া হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত এনেধৰণৰ ঘটনা সংঘটিত হ’লে আৰক্ষীয়ে যি ব্যৱস্থা ল’ব লাগে তৎকালে লৈ আহিছে৷ ইয়াত কোনো আপোচ নহয়৷ নাৰী–মহিলাৰ কথা আহিলে আমি শূন্য সহনশীল নীতি লওঁ৷