নিয়মীয়া বাৰ্তা, ২৫ আগষ্ট : ৰাজ্যৰ অন্যতম প্ৰাকৃতিক ক্ষেত্ৰ তথা পৰ্যটনস্থলী ঐতিহাসিক চানডুবি বিল ৷ কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত মেঘালয় সীমান্তত অৱস্থিত বিলখনৰ সেউজীয়া উপত্যকাত স্থানীয় ৰাভা জাতীয় সংগঠনৰ নেতৃত্বত গঠিত উৎসৱ উদযাপন সমিতিয়ে চানডুবি উৎসৱৰ আয়োজন কৰি আহিছে ৷ পিছে পূৰ্বৰ সমিতিৰ কাৰ্যকাল অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত নতুন সমিতি এখন গঠন কৰা বুলি সদৰী কৰিছে বিষয়ববীয়াসকলে ৷ আগন্তুক ২০২৫-২৬ বৰ্ষৰ চানডুবি উৎসৱ উদযাপনৰ বাবে সুভাষ চিনালে পৌৰোহিত্য কৰা এখনি সভাৰ জৰিয়তে বিচিত্ৰ ৰাভাক সভাপতি, ধনঞ্জয় ৰাভাক কাৰ্যকৰী সভাপতি, দীপজ্যোতি বাৰ্চুঙক সাধাৰণ সম্পাদক তথা চাৰ্জেন আৰ মেগোক আলোচনী সম্পাদক হিচাপে লৈ প্ৰায় বাৰখনকৈ উপ-সমিতিসহ উৎসৱ উদযাপন সমিতি এখন গঠন কৰা হৈছে ৷
প্ৰেৰক নুৰুল ইছলাম