🔹 বিধায়ক ৰছিদ মণ্ডলৰ চেলেঞ্জ গ্ৰহণ আটাছুৰ
বিশেষ বাৰ্তা, ২৫ আগষ্ট : পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৰছিদ মণ্ডলৰ চেলেঞ্জ গ্ৰহণ কৰিছে তিনিচুকীয়াত সদৌ টাই আহোম ছাত্ৰ সন্থাই। পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ বিধায়ক ৰছিদ মণ্ডলে উজনিৰ পৰা অবৈধ মিঞা খেদাব নোৱাৰে বুলি কৰা মন্তব্যৰ বিৰুদ্ধে তিনিচুকীয়াৰ থানা চাৰিআলিত দেওবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থাই বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়া পৌৰসভা কাৰ্যালয়ৰ সমীপৰ পৰা বাহিৰ কৰা সমদলটোৱে থানা চাৰিআলিত বিধায়কগৰাকীৰ পুত্তলিকা দাহ কৰে ৷ পুত্তলিকা দাহ কৰাৰ সময়ত আটাছু লং লিভ, ৰছিদ মণ্ডল হায় হায়, ৰছিদ মণ্ডল লেইলেই ছেইছেই আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ পুত্তলিকা দাহ কৰাৰ সময়ত আৰক্ষীয়ে বাধা দিবলৈ চেষ্টা কৰাত ক্ৰমাৎ উত্তপ্ত ৰূপ লয় ৷ প্ৰতিবাদৰ জৰিয়তে সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে কয়- অসমত এতিয়া এক বিদেশী খেদা আন্দোলনৰ উকমুকনি দেখা গৈছে ৷ তেনে সময়তে পশ্চিম গোৱালপাৰা সমষ্টিৰ বিধায়ক ৰছিদ মণ্ডলে কৰা মন্তব্য দুৰ্ভাগ্যজনক ৷ গতিকে আটাছুৱে উজনি অসমৰ পৰা অবৈধ মিঞাসকলক খেলিবলৈ বিধায়ক ৰছিদ মণ্ডলৰ চেলেঞ্জ গ্ৰহণ কৰিছোঁ আৰু আটাছুৰ কমিটীসমূহক ইতিমধ্যে অবৈধ মিঞাসকলক উজনি অসমৰ পৰা খেদিবলৈ নিৰ্দেশ প্ৰদান কৰিছোঁ ৷ তদুপৰি ৰছিদ মণ্ডল উজনি অসমলৈ আহিলে গুৰুলা গুৰুলকৈ পিটিবলৈ সকলো সমিতিকে নিৰ্দেশ দিয়া হৈছে বুলিও কয় সদৌ তাই আহোম ছাত্ৰ সন্থাৰ সভাপতি মিলন বুঢ়াগোহাঁয়ে ৷
প্ৰেৰক বিবেক বড়া