নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বছৰ বছৰ ধৰি লোকচানতে চলি আছে অসম ৰাজ্যিক পৰিবহণ নিগম

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ আগষ্টঃ বছৰৰ পাছত বছৰ ধৰি লোকচানত চলি আহিছে অসম ৰাজ্যিক পৰিবহণ নিগম৷ ২০১৬–১৭ বর্ষৰ পৰা ২০২২–২৩ বর্ষলৈ ৰাজ্যিক পৰিবহণ নিগমে ৮১৩.৮১ কোটি টকা আয়ৰ বিপৰীতে ১,৪১৭.১২ কোটি ব্যয় কৰিছে৷ সদনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ এক লিখিত প্রশ্নৰ উত্তৰত পৰিবহণ মন্ত্রী কেশৱ মহন্তই এই তথ্য সদৰী কৰে৷ সদনত মন্ত্রী মহন্তই কয় যে ২০১৬–১৭ বর্ষত নিগমে ১১,৭০৪.২৩ লাখ টকা আয় কৰাৰ বিপৰীতে ১৯,৪৯০.৮০ লাখ টকা ব্যয় কৰে৷ বছৰটোত ৭,৭৮৬.৫৭ লাখ টকা লোকচান হয়৷ ২০১৭–১৮ বর্ষত নিগমে ১৫,০১৩.৮৬ লাখ টকা আয় কৰাৰ বিপৰীতে ২০,৩৮৮.৮১ লাখ টকা ব্যয় কৰে৷ বছৰটোত লোকচানৰ পৰিমাণ ৫,৩৭৪.৯৫ লাখ টকা৷ ২০১৮–১৯ বর্ষত নিগমে ১০,২৩৯.০১ লাখ টকা আয় কৰাৰ বিপৰীতে ২০,৩৭১.৫২ লাখ টকা ব্যয় কৰে৷ বছৰটোত লোকচানৰ পৰিমাণ হৈছে ১০,১৩২.৫১ লাখ টকা৷ ২০১৯–২০ বর্ষত নিগমে ১১,৩৯৮.২৩ লাখ টকা আয় কৰাৰ বিপৰীতে ২১,১৮০.১৩ লাখ টকা ব্যয় কৰে৷ এই বছৰটোত নিগমৰ লোকচান হয় ৯,৭৮১.৯০ লাখ টকা৷ ২০২০–২১ বর্ষত নিগমে ১২,৫২১.৬৫ লাখ টকা আয় কৰে আৰু ২০,৭৮৫.৫৪ লাখ টকা ব্যয় কৰে৷ এই বছৰটোত লোকচানৰ পৰিমাণ হৈছে ৮,২৬৩.৮৯ লাখ টকা৷ ২০২১–২২ বর্ষত নিগমে ৮,০১৯.৬৭ লাখ টকা আয় কৰাৰ বিপৰীতে ১৮,৬৭৩.০৮ লাখ টকা ব্যয় হয়৷ বছৰটোত লোকচানৰ পৰিমাণ ১০,৬৫৩.৪১ লাখ টকা৷ ২০২২–২৩ বর্ষত নিগমে ১২,৪৮৫.৬৩ লাখ টকা আয় কৰে আৰু ২০,৮২২.৯৩ লাখ টকা ব্যয় কৰে৷ বছৰটোত লোকচানৰ পৰিমাণ হৈছে ৮,৩৩৭.৩০ লাখ টকা৷ নিগমৰ এনে বৃহৎ লোকচান সন্দর্ভত সদনত মন্ত্রী মহন্তই কয় যে অসম ৰাজ্যিক পৰিবহণ নিগমে মুখ্যতঃ জনসাধাৰণৰ সেৱাৰ প্রতি লক্ষ্য ৰাখি অতি দুর্গম আৰু ভিতৰুৱা অঞ্চলৰ যাতায়াতৰ সুবিধার্থে বাছ সেৱা প্রদান কৰি আহিছে৷ অর্থ সংগ্রহতকৈও জনসাধাৰণৰ প্রতি সেৱা প্রদান কৰাটো প্রাথমিক দায়বদ্ধতা বুলি নিগমে গণ্য কৰে৷ ইয়াৰ উপৰি নিগমে বিশেষভাৱে সক্ষম লোক, জ্যেষ্ঠ নাগৰিক, সাংবাদিক, মুক্তিযুঁজাৰু আৰু বিদ্যালয়–মহাবিদ্যাল্ ছাত্র–ছাত্রী, বিধায়ক আদিৰ বাবে বিশেষ ৰেহাইৰ সুবিধা প্রদান কৰি আহিছে৷ লগতে বাছসমূহত সময়ে সময়ে মেৰামতিৰ বাবে প্রয়োজনীয় যন্ত্রপাতিৰ মূল্যবৃদ্ধিয়েও আয়ৰ ক্ষেত্রত নেতিবাচক প্রভাৱ পেলাইছে৷ সদনত মন্ত্রী মহন্তই আৰু কয় যে পৰিবহণ নিগমত বর্তমান ৬৪৬খন নিজস্ব বাহন চলি আছে৷ সর্বমুঠ ৪৮৬খন বাছ বর্তমান পথত চলি থকা অৱস্থাত নাই৷ মেৰামতি সম্ভৱ হোৱা বাছৰ সংখ্যা ৮৮খন আৰু মেৰামতি সম্ভৱ নোহোৱা বাছৰ সংখ্যা ১৭২খন৷ এই ১৭২খন বাছ নিগমে নির্ধাৰিত নীতিৰ জৰিয়তে নিলামৰ বাবে ব্যৱস্থা কৰি আছে৷ তদুপৰি ২২৬খন অচল হৈ থকা বাছ নিবিদাৰ জৰিয়তে লীজত দিবলৈ ব্যৱস্থা কৰি থকা হৈছে৷ ৰাজ্যিক পৰিবহণ নিগমত মুঠ ১,৮০৩গৰাকী কর্মচাৰী থকাৰ উল্লেখ কৰি মন্ত্রী মহন্তই কয় যে কর্মচাৰীৰ দৰমহাৰ নামত মাহে ৪৪৪.৪৮ লাখ টকা ব্যয় হয়৷ নিগমৰ কর্মচাৰীক ভি আৰ এছ দিয়াৰ ব্যৱস্থা কৰাৰ উল্লেখ কৰি তেওঁ কয় যে ২০২৩ বর্ষত ১৭০গৰাকী আৰু ২০২৪ বর্ষত ৮৩গৰাকী কর্মচাৰীক ভি আৰ এছ দিয়া হৈছে৷ সেইদৰে প্রদূষণ ৰোধৰ বাবে প্রাৰম্ভিকভাৱে নিগমত ২১৫খন ইলেক্ট্রিক বাছ সংযোজন কৰাৰ উল্লেখ কৰি তেওঁ কয় যে ইয়াৰে ১৫খন চৰকাৰৰ পৰা আৰু ২০০খন গুৱাহাটী স্মার্ট চিটী লিমিটেডৰ পৰা লাভ কৰা হৈছে৷

You might also like