নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এছচিঅ’ বৈঠকৰ ইছলামাবাদৰ আমন্ত্ৰণ প্ৰত্যাখ্যান ভাৰতৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ আগষ্টঃ পাকিস্তানত আয়োজিত চাংহাই কপাৰেচন অর্গেনাইজেচন, চমুকৈ এছচি’ৰ বৈঠকলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীক আমন্ত্রণ কৰাক লৈ তীব্র প্রতিক্রিয়া ব্যক্ত কৰিছে বৈদেশিক মন্ত্রী এছ জয়শংকৰে৷ ইছলামাবাদৰ এই আমন্ত্রণৰ প্রতিক্রিয়া ব্যক্ত কৰি ভাৰতৰ মাটিত সন্ত্রাসবাদী কার্যকলাপৰ পৃষ্ঠপোষকতা কৰাৰ লগতে উচটনি দিয়া পাকিস্তানক কঠোৰ বার্তা প্রেৰণ কৰিছে বৈদেশিক মন্ত্রী এছ জয়শংকৰে৷ চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ আমন্ত্রণ সন্দর্ভত নতুন দিল্লীত আয়োজিত গ্রন্থ উন্মোচনী সভাত বৈদেশিক মন্ত্রী জয়শংকৰে কয়– পাকিস্তানৰ সৈতে নিৰৱচ্ছিন্ন আলোচনাৰ যুগ শেষ হৈছে৷ এতিয়া পৰিণামৰ বাবে ব্যৱস্থা গ্রহণৰহে সময়৷ জম্মু–কাশ্মীৰৰ বিষয় সন্দর্ভত পাকিস্তানৰ স্থিতি গ্রহণযোগ্য নহয়৷ ভাৰতৰ মাটিত সন্ত্রাসবাদী কার্যকলাপত উচটনি দি থকা পাকিস্তানৰ সৈতে আমাৰ দেশৰ সম্পর্ক বৈৰিতামূলক৷ আমি দেশখনৰ সৈতে কেতিয়াও ইতিবাচক দিশেৰে আগবাঢ়ি যাব নোৱাৰোঁ৷ গতিকে দেশখনত আয়োজিত যিকোনো কার্যসূচী ইতিবাচকেই হওক বা নেতিবাচকেই হওক আমি তাৰ প্রতিক্রিয়া ব্যক্ত কৰিম৷ উল্লেখ্য যে অহা ১৫–১৬ অক্টোবৰত পাকিস্তানত অনুষ্ঠিত হ’ব এছচিঅ’ৰ বৈঠক৷ এই বৈঠকখনলৈ পাকিস্তানে প্রধানমন্ত্রী মোদীক আনুষ্ঠানিকভাৱে আমন্ত্রণ জনাইছে৷ সম্প্রতি এই বিষয়টো চর্চাৰ কেন্দ্রবিন্দু হৈ উঠিছে৷

You might also like