নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অগপৰ বিধানসভা সমষ্টি সমিতিৰ বুথ সন্মিলনী সভা

নিয়মীয়া বাৰ্তা, ৩১ আগষ্ট : আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসম গণ পৰিষদ (অগপ) দলৰ ধুবুৰীস্থ জিলা কাৰ্যালয়ত আজি দলটোৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত এখন বুথ সন্মিলনী সভা অনুষ্ঠিত হয়। দলটোৰ ধুবুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰতিটো বুথ সমিতিৰ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত দলটোৰ বিধানসভা সমষ্টিৰ সাংগঠনিক শক্তি পৰ্যালোচনা কৰাৰ সমান্তৰালকৈ অৰুণোদয় আঁচনিত নাম অন্তর্ভুক্ত নোহোৱা তথা প্ৰাপ্যসকলক অন্তর্ভুক্ত কৰাৰ বিষয়টোৱে স্থান পায়। আজিৰ এই বুথ সন্মিলনী সভাখনত ধুবুৰী বিধানসভা সমষ্টিৰ প্ৰতিটো বুথৰ কৰ্মীসকলক সক্ৰিয়ভাৱে কাম কৰি যাবলৈ আহ্বান জনায় অগপৰ ধুবুৰী বিধানসভা সমষ্টি সমিতিৰ সভাপতি দিলীপ সৰকাৰে। উল্লেখ্য যে আজিৰ সভাখনত দলটোৰ কেন্দ্ৰীয় কমিটীৰ সাংগঠনিক সম্পাদক ছানোৱাৰ হুছেইন, ধুবুৰীৰ তত্ত্বাৱধায়ক শাহনোৱাজ হুছেইন, অগপৰ ধুবুৰী জিলা সভাপতি অমল কুমাৰ সাহাকে ধৰি দলটোৰ অন্যান্য নেতা-কৰ্মীসকল উপস্থিত আছিল।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like