নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৱাহনৰ প্ৰেক্ষাগৃহত বিস্ফোৰণত আহত মহিলা-যুৱক

🔹 যতীন-শ্যামন্তিকাৰ ঘটনাৰ পিছত এইবাৰ পাঠশালাত অঘটন

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : ক্ৰমাৎ যেন চাৰ্কাচত পৰিণত হৈছে অসমৰ সৰ্বোৎকৃষ্ট গণ মাধ্যম হিচাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটাৰ৷ যাৰ কুফল ভুগিবলগীয়া হৈছে থিয়েটাৰ উপভোগ কৰিবলৈ অহা দৰ্শক৷ চমকৰ নামত একাংশ থিয়েটাৰ গোষ্ঠীয়ে লেকামবিহীনভাৱে দক্ষিণ ভাৰতীয় চিনেমাৰ নকল কৰাৰ লগতে কিছু বিজতৰীয়া সংস্কৃতিৰো পয়োভৰ ঘটাবলৈ যেন এতিয়া সংকোচবোধ নকৰা হৈছে৷ যাৰ বাবে এতিয়া ভ্ৰাম্যমাণ থিয়েটাৰ সদায়ে বিতৰ্কত সোমাই পৰাটো যেন নিয়মত পৰিণত হৈছে৷ উল্লেখ্য যে দুদিন পূর্বে জনপ্রিয় অভিনেতা যতীন বৰা আৰু শ্যামন্তিকা শর্মাই দুখনকৈ ভ্ৰাম্যমাণ থিয়েটাৰত চমক দেখুৱাবলৈ গৈ মঞ্চৰ পৰা বাগৰি পৰা ঘটনাৰ প্ৰতিক্রিয়া মাৰ নৌযাওঁতেই পাঠশালাত চলি থকা আৱাহন থিয়েটাৰৰ প্ৰেক্ষাগৃহত কালি নিশা সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। প্রেক্ষাগৃহৰ ভিতৰত ফটকাজাতীয় সামগ্ৰীৰ বিস্ফোৰণ ঘটি আহত হয় থিয়েটাৰ চাবলৈ অহা এগৰাকী মহিলা আৰু এজন যুৱক৷ যতীন বৰা আৰু শ্যামন্তিকা শর্মাৰ ঘটনাৰ প্ৰতিক্রিয়া মাৰ নৌযাওঁতেই কালি নিশা আৱাহন থিয়েটাৰৰ প্রেক্ষাগৃহত সংঘটিত এই ঘটনাই স্বাভাৱিকতে ভ্রাম্যমাণৰ দর্শক-ৰাইজৰ মাজত ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কালি নিশা আৱাহন থিয়েটাৰে পাঠশালাৰ ভগৱতী ক্ষেত্ৰত মঞ্চস্থ কৰিছিল অভিজিৎ ভট্টাচাৰ্যৰ ‘মেডাম মেনকা’ নামৰ নাটকখন৷ এই নাটখনত জনপ্রিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে মটৰ চাইকেল চলাই গেলাৰীৰ দিশৰ পৰা মঞ্চত প্ৰৱেশৰ এটি দৃশ্য আছিল। প্রস্তুতি পৰাশৰে মঞ্চত প্ৰৱেশ কৰাৰ সময়তে গেলাৰীৰ ঠিক ওচৰতে ফটকাজাতীয় সামগ্ৰীৰ আকস্মিক বিস্ফোৰণত হতচকিত হৈ পৰে প্ৰেক্ষাগৃহৰ ভিতৰত থকা দৰ্শকসকল। ফটকাজাতীয় সামগ্ৰীৰ বিস্ফোৰণ হৈ গেলাৰীত বহি থকা পাঠশালাৰ জ্যোতিনগৰৰ নিশান্ত দাস নামৰ যুৱক এগৰাকী চকুত আঘাতপ্রাপ্ত হোৱাৰ লগতে বামাখাটাৰ জোনালী কলিতা নামৰ এগৰাকী মহিলাৰ মূৰ ফাটি যায়। এই ঘটনাৰ পিছতে প্রেক্ষাগৃহটোত হাহাকাৰ লাগে। লগে লগে আঘাতপ্রাপ্তসকলক চিকিৎসাৰ ব্যৱস্থা কৰা হয়। দৰ্শকৰ মাজত চমক সৃষ্টিৰ লক্ষ্যৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰেক্ষাগৃহৰ ভিতৰত সংঘটিত এনেধৰণৰ কৰ্মকাণ্ডই স্বাভাৱিকতে সচেতন মহলক চিন্তিত কৰি তুলিছে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like