নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰে আবণ্টন দিয়া ক্ষতিপূৰণ নাপালে প্ৰকৃত হিতাধিকাৰীয়ে

🔹 বৰপেটাৰ ধৰ্মপুৰত খহনীয়াগ্ৰস্তৰ সাহায্যৰ নামত খেলিমেলি, বঞ্চিতৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : হিতাধিকাৰী তালিকা এখনক লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত হয় বৰপেটাৰ চেঙাৰ ধৰ্মপুৰ গাঁৱত | নৈৰ খহনীয়াত ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰে আবণ্টন দিয়া ক্ষতিপূৰণ নাপালে প্ৰকৃত হিতাধিকাৰীয়ে। তাৰ সলনি ক্ষতিগ্ৰস্ত নোহোৱা লোকৰ নামহে সোমাল তালিকাত। ইয়াকে লৈ বঞ্চিত হিতাধিকাৰীয়ে ন্যায় প্ৰাপ্তিৰ দাবীত সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ | গাঁৱৰ গাঁওপ্ৰধান, লাটমণ্ডল, ৰাজহ চক্ৰ বিষয়াৰ বিৰুদ্ধে বঞ্চিত হিতাধিকাৰীয়ে এই প্ৰতিবাদী কাৰ্যসূচী উলিয়ায় | স্মৰ্তব্য যে গাঁওখনৰ কেইবাটাও পৰিয়াল নৈৰ খহনীয়াত ইতিমধ্যে গৃহহীন-সৰ্বস্বান্ত হ’বলগীয়া হৈছে | ৰাজহ বিভাগৰ জৰিয়তে চৰকাৰে ক্ষতিগ্ৰস্ত পৰিয়ালবোৰলৈ ক্ষতিপূৰণ তথা পুনৰ সংস্থাপনৰ বাবে আবণ্টন দিছিল ৯৫,০০০কৈ টকা | গাঁওপ্ৰধান, লাটমণ্ডল আদিয়ে প্ৰস্তুত কৰিছিল হিতাধিকাৰীৰ তালিকাখন। পিছে তালিকাত নোসোমাল প্ৰকৃত হিতাধিকাৰীৰ নাম। তাৰ বিপৰীতে একাংশ ধনী আৰু ক্ষয়-ক্ষতি নোহোৱা পৰিয়ালৰ নামহে তালিকাখনত অন্তৰ্ভুক্ত হোৱা, আনকি এটা প্ৰতিষ্ঠিত পৰিয়ালৰ আঠজনকৈ সদস্যৰ নাম তালিকাভুক্ত হোৱা আৰু ধন লাভ কৰা বুলিও অভিযোগত উল্লেখ | ফলত গাঁওখনৰ দুখীয়া ভুক্তভোগী ৰাইজে তালিকা নতুনকৈ প্ৰস্তুত কৰি প্ৰকৃত হিতাধিকাৰীক ক্ষতিপূৰণৰ দিহা কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে প্ৰতিবাদৰ জৰিয়তে| প্ৰশ্ন হয়- প্ৰতিবাদ হ’ল ঠিকেই, পিছে আগলৈ ন্যায় পাবনে এইসকল দুখীয়া হিতাধিকাৰীয়ে?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like