নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সমুদ্রত ৰাছিয়াৰ গুপ্তচৰ তিমি ‘হলডিমিৰ’ক মৃত অৱস্থাত উদ্ধাৰ !

🔹 নৰৱেৰ উপকূলৰ সমীপত উঠিল ওপঙি :  নীৰৱ মস্কো প্রশাসন

নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : ৰাছিয়াৰ ‘গুপ্তচৰ’ নে সাধাৰণ তিমি! এই তিমিটোক লৈ বিভিন্ন সময়ত ইউৰোপজুৰি চলিছিল চর্চা৷ অৱশেষত এই বেলুগা তিমিটো মৃত অৱস্থাত উদ্ধাৰ হ’ল নৰৱেৰ সমুদ্রত৷ এই তিমিটোৰ মৃত্যুক লৈ আৰম্ভ হৈছে ব্যাপক চর্চা৷ ১৪ ফুট দৈর্ঘ্য, ১২০০ কেজি ওজনৰ এই তিমিটো প্রথম দেখিবলৈ পোৱা গৈছিল ২০১৯ চনত৷ ডিঙিত বন্ধা আছিল এডাল ফিতাৰ দৰে সামগ্রী৷ এই ফিতাত ৰাছিয়াৰ কোনোধৰণৰ যন্ত্র লগোৱা আছিল বুলি বিভিন্ন মহলে দাবী কৰিছিল৷ তেতিয়াৰ পৰা এই তিমিটোক গুপ্তচৰ আখ্যা দি আহিছিল ইউৰোপৰ বিভিন্ন দেশে৷ ৰাছিয়াই হেনো সমুদ্রপথত গুপ্তচৰ বৃত্তিৰ বাবে তিমিটোক মোতায়েন কৰিছিল৷ অৱশ্যে ৰাছিয়াৰ তৰফৰ পৰা ইউৰোপৰ এনে অদ্ভুত দাবী সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ পোৱা নাছিল৷ অকল সেয়াই নহয়, এই তিমিটো সন্দর্ভত আজিলৈকে ভ্লাডিমিৰ পুটিন প্রশাসনে এটা শব্দও উল্লেখ কৰা নাই৷ ৰাছিয়াৰ মৌনতাক লৈ বিষয়টো সন্দর্ভত সন্দেহ অধিক গভীৰ হৈ আহিছিল৷ নৰৱেৰ ‘হল’ আৰু ৰাছিয়াৰ ‘ভ্লাডিমিৰ’ শব্দ দুটাৰে বেলুগা তিমিটোৰ নাম দিয়া হয় ‘হলডিমিৰ’৷ বেলুগা তিমিবোৰ সাধাৰণতে সুমেৰু অঞ্চলৰ দূৰ সমুদ্রত দেখিবলৈ পোৱা যায়৷ কিন্তু হলডিমিৰে মানুহৰ ওচৰত থাকিবলৈ ভাল পাইছিল৷ যোৱা বছৰো অছলোৰ সমুদ্রত দেখিবলৈ পোৱা গৈছিল এই তিমিটো৷ নৰৱেৰ প্রশাসনে নাগৰিকসকলক অনুৰোধ কৰিছিল তিমিটোৰ ওচৰলৈ নাযাবলৈ৷ অৱশ্যে গুপ্তচৰ বৃত্তিৰ সন্দেহত নহয়, হলডিমিৰৰ যাতে কোনেও অনিষ্ট কৰিব নোৱাৰে, সেই উদ্দেশ্যেই মানুহৰ যাতায়াত তিমিটোৰ বিচৰণস্থলীত নিষিদ্ধ কৰা হৈছিল৷

You might also like