নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা গান গাই গ্ৰেপ্তাৰ হোৱা আলতাফ হুছেইনক পুনৰ ধুবুৰী আদালতত হাজিৰ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : বিতৰ্কিত মিঞা গীত গাই গ্ৰেপ্তাৰ হোৱা ধুবুৰীৰ গৌৰীপুুৰৰ ইউটিউবাৰ আলতাফ হুছেইনক আজি ধুবুৰী আদালতত পুনৰ হাজিৰ কৰায় জিলাখনৰ গৌৰীপুৰ আৰক্ষীয়ে। জানিব পৰা মতে, আলতাফক পুনৰ ৫ দিনৰ জিম্মাত বিচাৰি আজি আদালতত আবেদন জনায় আৰক্ষীয়ে। উল্লেখ্য যে “অসম তোমাৰ বাপৰ নেকি, খালী মিঞা খেদিব খোজা” শীৰ্ষক এক বিতৰ্কিত গীতৰ পিছত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত গৌৰীপুৰ আৰক্ষীয়ে আলতাফ হুছেইনৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছিল। ধুবুৰীৰ গৌৰীপুৰ থানাত ৰুজু হোৱা ২৫৯/২৪ নম্বৰৰ বিএনএছৰ ১৯৬/২৯৯ ধাৰাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি আলতাফক ধুবুৰীৰ আদালতত হাজিৰ কৰাই নিজৰ জিম্মাত লৈছিল গৌৰীপুৰ আৰক্ষীয়ে। আদালতে বান্ধি দিয়া সেই সময়সীমা শেষ হোৱাত আজি আলতাফক আদালতত পুনৰ হাজিৰ কৰায় গৌৰীপুৰ আৰক্ষীয়ে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like