নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত অনলাইন ট্ৰেডিঙৰ গইনা লৈ প্ৰৱঞ্চনাৰ জাল

🔹 প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান : আটক ৪

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : যোৱানিশাৰ পৰা ধুবুৰী আৰক্ষীয়ে অনলাইন ট্ৰেডিঙৰ গইনা লৈ প্ৰৱঞ্চনাৰ জাল পতা প্ৰৱঞ্চকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা বুলি জানিব পৰা গৈছে। আনুষ্ঠানিকভাৱে একো সদৰী নকৰিলেও ইতিমধ্যে এই সন্দৰ্ভত ধুবুৰীকে ধৰি মহকুমাটোৰ বিভিন্ন প্ৰান্তৰ পৰা চাৰিগৰাকীকৈ লোকক কৰায়ত্ত কৰি ধুবুৰী সদৰ থানাত জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। কৰায়ত্ত কৰা চাৰিগৰাকীৰ ধুবুৰী সদৰ থানা এলেকাৰ পৰা এজন, দুজনক গোলকগঞ্জ আৰক্ষী থানা এলেকাৰ পৰা আৰু আগমনি থানা এলেকাৰ পৰা এজনক আটক কৰা বুলি প্ৰকাশ। ইয়াৰে যোৱানিশা ধুবুৰী চহৰৰ ১নং ৱাৰ্ডৰ এটা ভাৰাঘৰৰ পৰা আৰক্ষীয়ে আটক কৰা শংকৰ কুমাৰ বিশ্বাস নামৰ লোকজন জিলাখনৰ গৌৰীপুৰৰ সমীপৰ দাওভাংগীৰ বাসিন্দা। অনলাইন ট্ৰেডিঙৰ জৰিয়তে প্ৰৱঞ্চনাৰ জাল পতা চক্ৰটো সন্দৰ্ভত বৰ্তমানলৈ কি কি তথ্য লাভ কৰিছে, সেয়া তদন্তৰ খাতিৰত একো নক’লেও অনাগত সময়ত এই সন্দৰ্ভত আৰু কেইবাগৰাকীকো আৰক্ষীয়ে সোধা-পোছা কৰাৰ সম্ভাৱনা থকা বুলিয়েই প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like