নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও–মৰিগাঁৱত মাছক খুৱায় ইউৰিয়া–গুৱাহাটীৰ আৱর্জনা

🔹 অসৎ মৎস্য বেপাৰীৰ ভয়ংকৰ কাণ্ড উদঙালে মুখ্যমন্ত্রীয়ে

বিশেষ বাৰ্তা, ৫ ছেপ্টেম্বৰ : নগাঁও–মৰিগাঁৱত মাছ উৎপাদনত ইউৰিয়া সাৰৰ লগতে গুৱাহাটীৰ আৱর্জনাও ব্যৱহাৰ কৰে৷ ইয়াৰ বাবে এতিয়া কিডনী ৰোগো বৃদ্ধি পাইছে৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উল্লেখ্য যে নগাঁও, মৰিগাঁৱৰ মৎস্য ব্যৱসায়ীসকলে উজনি অসমলৈ মাছৰ যোগান বন্ধ ৰখা প্রসংগত সাংবাদিকৰ প্রশ্ণৰ উত্তৰত মুখ্যমন্ত্রী ড০ শর্মাই এই কথা উল্লেখ কৰি কয় যে নগাঁও, মৰিগাঁৱত যিমান মাছ উৎপাদন হয় সকলোতে ইউৰিয়া সাৰ ব্যৱহাৰ কৰাৰ লগতে গুৱাহাটীৰ আৱর্জনাও পুখুৰীত দি মাছ উৎপাদনত ব্যৱহাৰ কৰে৷ চাৰি বছৰ আগত যিমান কিডনীৰ বেমাৰ হৈছিল এতিয়া বহুত বেছি হৈছে৷ মাছ উৎপাদনত ৰাসায়নিক সাৰ আৰু আৱর্জনা দিয়াৰ বাবেই কিডনী ৰোগৰ সংখ্যা বৃদ্ধি পাইছে৷ মাছৰ উৎপাদন বৃদ্ধিৰ বাবে যথেষ্ট অর্গেনিক নিয়ম আছে৷ কিন্তু চমু ৰাস্তা নাই৷ মাছৰ উৎপাদনত ইউৰিয়া সাৰ ব্যৱহাৰ কৰাৰ কথা মৎস্য ব্যৱসায়ীসকলে বিভিন্ন সময়ত টিভিৰ টক শ্ব’ আদিত প্রকাশ কৰি আহিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে নগাঁও, মৰিগাঁৱৰ মাছ উজনি অসমলৈ নপঠালে অঞ্চলটোৰ ৰাইজৰ বাবে ভাল কথা৷ উজনি অসমৰ ৰাইজে এই সুযোগটো ল’ব লাগে আৰু এই সুযোগতে বজাৰখন দখল কৰিব লাগে৷ ৰাইজক স্বাস্থ্যসন্মত মাছ দিলে ৰাইজেও দুটকা বেছি দামত হ’লেও ক্রয় কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাইজক স্বাস্থ্যসন্মত মাছ দিয়াত গুৰুত্ব দিবলৈ আহ্বান জনায়৷

You might also like