নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিনামৰাত শিক্ষক দিৱসত গাঁওপ্ৰধানৰ উদ্যোগত ১৯গৰাকী শিক্ষকক সম্বৰ্ধনা

🔹 ছাত্ৰ-ছাত্ৰীক গ্ৰন্থ প্ৰদান

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ : ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ভাষাৰে- মমৰ দৰে নিজে গলি গলি আনক পোহৰ বিলোৱাৰ দৰে মহান কৰ্মযজ্ঞত নিয়োজিত কেইবাগৰাকী শিক্ষকক আজি যোৰহাট পূব ৰাজহ চক্ৰৰ চেকনিধৰা গাঁৱৰ গাঁওপ্ৰধান দিগন্ত বৰুৱাই সন্মানিত কৰে। যোৰহাট শিক্ষাখণ্ডৰ অন্তৰ্গত জ্ঞানজ্যোতি মধ্য ইংৰাজী বিদ্যালয় আৰু বলিয়া গোহাঁই পুখুৰী মধ্য ইংৰাজী বিদ্যালয়ৰ ১৯গৰাকী শিক্ষকক তেওঁ সম্বৰ্ধনা পত্ৰ আৰু গামোচাৰে সম্বৰ্ধনা জনায়। উল্লেখ্য যে গাঁওপ্ৰধানজনে দীৰ্ঘদিনে চলাই অহা গ্ৰন্থ আন্দোলনৰ অংশস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সাধু কথাৰ পুথি বিতৰণ কৰা হয়। কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় চফল কুমাৰ খাউণ্ড, হেমন্ত মাধৱ মহন্ত আৰু ঝৰ্ণামিতা বৰাই।

প্ৰেৰক নৱজ্যোতি তামুলী

You might also like