নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ অভিযান আটক দুই জুৱাৰী

নিয়মীয়া বাৰ্তা, ৯ ছেপ্টেম্বৰঃ লাওখোৱাত অভয়াৰণ্যত জুৱাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান৷ বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি লাওখোৱা অভয়াৰণ্যৰ কঠালগুটি বন শিবিৰৰ ওচৰত চলাই এই অভিযান৷ অভয়াৰণ্যখনৰ ভিতৰত দীৰ্ঘদিন ধৰি চলি আহিছিল বৃহৎ জুৱাৰ আড্ডা ৷ বন বিভাগৰ অভিযানত আটক দুই জুৱাৰী৷ ধৃত জুৱাৰী দুটা হল হবিবুৰ ৰহমান আৰু ৰিয়াজ উদ্দিন আহমেদ৷ বন বিভাগৰ উমান পায় বাকী ১৪/১৫গৰাকী জুৱাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ বন বিভাগে জুৱাৰীকেইটাৰ পৰা নগদ ২৪০০ টকা আৰু বহু জুৱা খেলৰ সা-সামগ্ৰী জব্দ কৰে৷ ধৃত জুৱাৰী দুটাক বন বিভাগে আৰক্ষীক চমজাই দিয়ে৷ ধৃত জুৱাৰী দুটাক আৰক্ষীৰ জেৰাৰ অন্তত পোহৰলৈ আহিব আৰু কোন কোন জুৱা খেলত জড়িত আছিল ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like