নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গম্ভীৰৰ প্রশিক্ষণত গোপন অনুশীলন আৰম্ভ টীম ইণ্ডিয়াৰ

🔹 ১৯ ছেপ্টেম্বৰৰ পৰা চেন্নাইত বাংলাদেশৰে প্রথম টেষ্ট

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : আলহী দল বাংলাদেশৰ বিপক্ষে খেলিবলগীয়া টেষ্ট শৃংখলাৰ বাবে প্রস্তুতি আৰম্ভ কৰিলে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ প্রশিক্ষক গৌতম গম্ভীৰৰ প্রশিক্ষণত অনুশীলন আৰম্ভ কৰে ভাৰতীয় দলটোৱে৷ বন্ধ ষ্টেডিয়ামত শুকুৰবাৰে অনুশীলন আৰম্ভ কৰে ৰোহিত ব্রিগেডে৷ সংবাদ মাধ্যমৰ প্রতিনিধিৰ প্রৱেশ নিষিদ্ধ কৰা হৈছিল৷ প্রথমখন টেষ্টৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰা একাংশ খেলুৱৈ অৱশ্যে কালিৰ এই অনুশীলনত ভাগ লোৱাৰ পৰা বিৰত থাকে৷ দলটোৰ কেইবাগৰাকীও খেলুৱৈ সম্প্রতি দুলীপ ট্রফীত ব্যস্ত আছে৷ অৱশ্যে প্রশিক্ষক গম্ভীৰে দুলীপ ট্রফীত অংশগ্রহণ নকৰা খেলুৱৈসকলৰ সৈতে অনুশীলনত নামি পৰে৷ ইপিনে, ভাৰতীয় দলটোৰ নতুন বলিং প্রশিক্ষক মর্নে মর্কেলে কালি পুৱা চেন্নাইত উপস্থিত হয়৷ কালি তাৰকা বেটাৰ বিৰাট কোহলি, অধিনায়ক ৰোহিত শর্মা, ৰবীন্দ্র জাদেজা, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল, আকাশদ্বীপ আৰু তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহে অনুশীলনত ভাগ লয়৷  প্রথম দিনা তাৰকা বেটাৰ কোহলিয়ে ৪৫ মিনিট সময় ধৰি নেটত অনুশীলন কৰে৷ প্রায় ৯ মাহৰ পিছত পুনৰ টেষ্ট ক্রিকেটলৈ ঘূৰি আহিব কোহলি৷ ইপিনে, টি–২০ বিশ্বকাপৰ পিছত পুনৰ খেলপথাৰলৈ উভতি আহিব বুমৰাহ৷ জিম্বাব’ৱে আৰু শ্রীলংকাৰে খেলা শৃংখলা দুটাত বুমৰাহক বিশ্রাম দিয়া হৈছিল৷ বুমৰাহে কালি নেটত অধিক সময় বলিং অনুশীলন কৰে৷ ভাৰতীয় দলটোৰ অনুশীলনৰ ফটো ছ’চিয়েল মিডিয়াত আপলোড কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে৷ এক্স হেণ্ডেলত অনুশীলনৰ এখন ছবি পোষ্ট কৰি লিখিছে- কাউণ্ট ডাউন আৰম্ভ হৈছে৷ ঘৰুৱা শৃংখলাৰ বাবে অনুশীলন আৰম্ভ হৈছে ভাৰতীয় দলটোৰ৷ ছবিখনত গোটেই দলটোৱে প্রশিক্ষক গম্ভীৰৰ কথা শুনি থকা দেখা গৈছে৷ অধিনায়ক ৰোহিতৰ উপৰি দলটোৰ বাকী সহায়ক কর্মচাৰীসকলো অনুশীলনত উপস্থিত থাকে৷ উল্লেখ্য যে প্রায় ছমাহৰ পিছত টেষ্ট ক্রিকেটত ভাগ ল’ব ভাৰতীয় দলটোৱে৷ বাংলাদেশৰে খেলিবলগীয়া ঘৰুৱা দুখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ প্রথমখন টেষ্ট ১৯–২৩ ছেপ্টেম্বৰত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় তথা অন্তিমখন টেষ্ট ২৭ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে প্রথমখন টেষ্টৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোৰ একমাত্র নৱাগত হিচাপে স্থান লাভ কৰিছে বাঁওহতীয়া পেচ বলাৰ যশ দয়ালে৷

You might also like