নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেংককত উজলিল অসমৰ সত্ৰীয়া শিল্পীৰ দল

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ সত্ৰীয়া শৈলীৰ অনুষ্ঠান আৰু লোকনৃত্যৰ অনন্য সমাহাৰেৰে থাইলেণ্ডৰ বেংককত উজলি উঠিল অসমৰ শিল্পীৰ দল। বেংককৰ ব্ৰিটিছ ইণ্টাৰনেচনেল স্কুলৰ সুবিশাল প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাৰত সংস্কৃতি যাত্ৰা শীৰ্ষক অনুষ্ঠানটিত অসমৰ পাঁচজনীয়া দলটিয়ে উৎকৃষ্ট প্ৰদৰ্শনেৰে বিশেষভাৱে সমাদৃত হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সত্ৰীয়া শিল্পী সবিতা শইকীয়াৰ নেতৃত্বত অনুষ্ঠান পৰিবেশন কৰা শিল্পীদলটিৰ সদস্যসকল হৈছে ক্ৰমে নগাঁৱৰ বৰজহাৰ বিশ্বজিৎ মজুমদাৰ, হয়বৰগাঁৱৰ ইশিকা আগৰৱালা, ধিঙৰ দিপাশ্ৰী মেধি, আৰু দক্ষিণপাটৰ দিশা ৰিচা কাশ্যপ। হিন্দুস্তান আৰ্ট এণ্ড মিউজিক চ’চাইটিৰ উদ্যোগত অনুষ্ঠিত এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱটিত অসমৰ উপৰি ডুবাই, কৰ্ণাটক, তামিলনাডু, কেৰেলা, গুজৰাট, পশ্চিমবংগ আদিকে ধৰি ভিন্ন ৰাষ্ট্ৰ আৰু ৰাজ্যৰ শিল্পীদলে অংশগ্ৰহণ কৰে। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সৌজন্যত অনুষ্ঠিত এই অনুষ্ঠানটিত খোলবাদন শিতানৰ জ্যেষ্ঠ শাখাত বিশ্বজিৎ মজুমদাৰে প্ৰথম স্থান, লোকনৃত্যৰ শিতানত ইশিকা আগৰৱালাই প্ৰথম স্থান, সত্ৰীয়া নৃত্যৰ শিতানত দিশা ৰিচা কাশ্যপে দ্বিতীয় আৰু দিপাশ্ৰী মেধিয়ে তৃতীয় স্থান দখল কৰে। ইপিনে এই মহোৎসৱটিত প্ৰতিষ্ঠিত শিল্পী সবিতা শইকীয়াই শ্ৰীকৃষ্ণৰ ৰূপ বন্দনা পৰিৱেশন কৰি সকলোকে মুগ্ধ কৰে। সাত আৰু আঠ ছেপ্টেম্বৰত বেংককত অনুষ্ঠান পৰিবেশন কৰি শেহতীয়াকৈ গৃহ জিলাত উপস্থিত হোৱা দলটোক বিভিন্ন অনুষ্ঠান তথা ব্যক্তিবিশেষে আদৰণি আৰু অভিনন্দন জ্ঞাপন কৰে ।
প্ৰেৰক কনক হাজৰিকা
You might also like