নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছ এটা জনজাতিবিৰোধী দল : পীযুষ হাজৰীকা

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : কংগ্ৰেছ দল আচলতে জনজাতিবিৰোধী এটা দল হয়নে নহয়৷ সোণাপুৰৰ যিখিনি ভুমি উচ্ছেদ হৈছে সেইখিনি সম্পূৰ্ণভাৱে ন্যায় সংগতভাবে জাননী দি উচ্ছেদ কৰা হৈছে ৷ সেই মাটিখিনি ট্ৰইবেল সংঘৰ ভুমি ৷ ট্ৰাইবেলসকলক উচ্ছেদ কৰি কোনোবা সন্দেহযুক্ত লোক বহিব তাত চৰকাৰে ব্যৱস্থা ল’ব আৰু কংগ্ৰেছে তাক বেআইনী বুলি ক’ব মই কংগ্ৰেছক ধিক্কাৰ দিছো৷ এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ৷ নগাঁও জিলাৰ চামগুৰিৰ তথা নৱগঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত উদমাৰি অঞ্চলত আজি অনুষ্ঠিত এখন সভাত মুখ্য অতিথি হিচাপে মন্ত্ৰী হাজৰীকা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন চৰকাৰখনে অসমৰ প্ৰতিটো দিশৰ প্ৰতিটো অঞ্চলত উন্নয়নৰ কাৰণে কাম কৰিবলৈ প্ৰয়াস কৰা হৈছে ৷ কেইদিনমানৰ পিছত তথা ১৯ তাৰিখৰ পৰা পুনৰ অৰুণোদয় আচঁনিৰ প্ৰ-প্ৰত্ৰ প্ৰদান কৰা হব৷ এটা এটা সমষ্টিত ৩৫ হাজাৰ অধিক লোকে অৰুণোদয় লাভ কৰিবলৈ সক্ষম হব ৷ যাৰ ৰেচন কাৰ্ড আছে সেই লোক সকলে অৰুনোদয় লাভ কৰিব বুলি মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰাৰ লগতে যি সকলৰ ৰেচন কাৰ্ড নাই তেওঁ লোকক ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হব ৷ কংগ্ৰেছৰ দিনত কংগ্ৰেছৰ পৰিয়ালৰ লোক সকলে আচঁনি পায় ঠিকা পায় আৰু চাকৰি পায় ৷ কিন্ত বিজেপি তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃতাধীন চৰকাৰৰে সকলোকে সমদৃষ্টিৰে আচঁনিত অন্তভূক্ত কৰিছে৷ এটকা নোহোৱাকৈ আজি শিক্ষিত যুৱক যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰী গৰাকীয়ে ভাষন প্ৰসংগত উল্লেখ কৰে ৷ অনলাই ট্ৰেডিং কেলেংকাৰীৰ ওপৰত তদন্ত কৰিবলৈ চি বি আইক দিয়া হব ৷ এই কেলেংকাৰীৰ লগত জড়িত কোনো লোক বাচি যাব নোৱাৰিব৷ কংগ্ৰেছে অলপ বোকা ছটিয়াই ৰাজনীতি আৰম্ভ কৰিছিল ৷ কোনোবা নতুন নতুন হৰা পাৰ্টি আছে তেওঁলোকে অনলাইন ট্ৰেডিংত বিজেপি মানুহ জড়িত আছে বুলি বোকা ছটিয়াব বিছাৰিছিল যদিও এতিয়া কংগ্ৰেছৰ বৰঘৰতেই কেলেংকাৰী ধৰা পৰিছে বুলি ভাষন প্ৰসংগত মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ৩১ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা চামগুৰিৰ উদমাৰি তথা নৱ গঠিত বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত লুংচুং আৰু ৰঙামাটি সংযোগী পথটোৰ আজি আধাশিলা তথা ভুমি পুজন অনুষ্ঠানত মন্ত্ৰী হাজৰীকাই কয় যে অসমৰ জনজাতি লোকসকলক অপমান কৰিছে কংগ্ৰেছে ৷ তাৰ বাবে জনজাতি লোকসকলক কংগ্ৰেছে ক্ষমা খুজিব লাগে ৷ ট্ৰাইবেল সকল আমাৰ ভূমিপুত্ৰ তেওঁলোকক সন্মান কৰাতো ভাৰতবৰ্ষৰ নিয়ম আমাৰ সংস্কৃতি কংগ্ৰেছ সকলে ভাৰতীয় সংস্কৃতিৰ পৰা আতঁৰি বাংলাদেশীয় মূলৰ সন্দেহযুক্ত লোকৰ সমৰ্থনত কথা কৈ ট্ৰাইবেল সকলক দুখ দিছে বুলি মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে আজি লুংচুং আৰু ৰঙামাটি সংযোগী পথটোৰ লগতে এখন মডেল অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে৷ আজি অনুষ্ঠিত উক্ত সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী বিধায়ক দিগন্ত কলিতা, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, বিজেপি নেতা সুৰেশ বৰা, পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মাকে ধৰি বহু কেইজন বিজেপি নেতা আৰু কেইবাশ বিজেপি কৰ্মী উপস্থিত থাকে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like