নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে ৰাজ্যত ট্ৰাইবেল ব্লক এণ্ড ব্লক ধ্বংসৰ ষড়যন্ত্ৰ কৰিছে

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ দুধনৈ আৰু আমজোঙাত দুখনকৈ মহাবিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকোঠাৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ প্ৰথমে আমজোঙাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ত ১.১৭ কোটি টকা ব্যয়সাপেক্ষ অতিৰিক্ত শ্ৰেণীকোঠা নিৰ্মাণ হ’ব৷ তাৰেই আধাৰশিলা স্থাপন কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে৷ মহাবিদ্যালয়খনত যোৱা বৰ্ষৰ পৰা কলা শাখাৰ বাবে শ্ৰেণী কোঠাৰ প্ৰয়োজন হয় আৰু সেই অনুপাতে অসম চৰকাৰে অগ্ৰাধিকাৰভিত্তিক উন্নয়ন পুজিঁৰে এই শ্ৰেণীকোঠাৰ ভৱনৰ নিৰ্মাণ কাৰ্য আজিৰে পৰা শুভাৰম্ভ হয়৷ ইয়াৰ পিছতে আমজোঙাত নিৰ্মাণ হৈ থকা ভৈয়াম জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা সংহত জনজাতি উন্নয়ন প্ৰকল্প ভৱন পৰিদৰ্শন কৰি ১৯৭২ চনত স্থাপন হোৱা দুধনৈ মহাবিদ্যালয়ে ইতিমধ্যে NAACৰ মূল্যায়নত “A” (এ) গ্ৰেডপ্ৰাপ্ত মহাবিদ্যালয়খনত অসম চৰকাৰৰ অগ্ৰাধিকাৰভিত্তিক উন্নয়ন পুজিঁৰে এটা নতুন ভৱনৰ আধাৰশিলা স্থাপন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে৷ ইয়াৰ ঠিক পিছতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নতুনকৈ নিৰ্মাণ হৈ থকা সচিবালয়ৰ কামৰ বুজ লয় ৷ পাঁচ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হৈ থকা সচিবালয়ৰ নিৰ্মাণত লেহেমীয়া কাম কাজৰ বাবে বিভাগীয় বিষয়া আৰু ঠিকাদাৰক জবাবদিহিও কৰে মন্ত্ৰীগৰাকীয়ে ৷ এই সময়চোৱাত মন্ত্ৰীগৰাকীক সংগ দিয়ে টংকেশ্বৰ ৰাভা আৰু স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীয়ে৷ আনহাতে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কচুতলিৰ উচ্ছেদস্থলীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ আঁৰত কংগ্ৰেছ দল থকা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ কেৱল সেয়াই নহয়, হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ দিনটোত কংগ্ৰেছ নেতা দেবব্ৰত শইকীয়াই উক্ত স্থানত উপস্থিত হৈ বেদখলকাৰীক উচটনি দিয়াৰো গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ যি উচটনিৰ ফলত দুজন বেদখলকাৰী নিহত হোৱাৰ বিপৰীতে আৰক্ষীৰ লগতে বহু লোক আহত হৈছিল। ইফালে ৰাজ্যত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ধ্বংস কৰাৰ বাবে কংগ্ৰেছে ষড়যন্ত্ৰ কৰি আছে লগতে এইসমূহ ঠাইত কংগ্ৰেছ চৰকাৰ থকাৰ সময়তে অনুপ্ৰৱেশকাৰীক বেদখল কৰিবলৈ ৰঙা দলিচা পাৰি দিয়া বুলিও অভিযোগ আনে মন্ত্ৰীগৰাকীয়ে ৷
প্ৰেৰক বেনজিন বড়ো
You might also like