নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ পেট্ৰল পাম্প কৰ্মচাৰীক মাৰপিট-ধন লুণ্ঠনৰ ঘটনাত গ্ৰেপ্তাৰ তিনি

নিয়মীয়া বাৰ্তা, ১৮ ছেপ্টেম্বৰঃ ধুবুৰী চহৰৰ মাজমজিয়াৰ এটা পেট্রল পাম্পৰ পৰা মাজনিশা পাম্পটোৰ কৰ্মচাৰী এজনক মাৰপিট কৰি নগদ ধন কাঢ়ি লৈ যোৱাৰ অভিযোগত আৰক্ষীয়ে তিনিজন যুৱকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ধুবুৰীৰ এএছটিচি বাচ আস্থানৰ একাংশত কেই বছৰ মান পূৰ্বে খোলা পেট্ৰল পাম্প এটাত সোমবাৰৰ মাজনিশা তিনিখন মটৰ চাইকেলেৰে উপস্থিত হৈছিল তিনিজনীয়া এটি যুৱকৰ দল। অভিযোগ অনুসৰি, দলটোৱে পেট্ৰল পাম্পটোত নিশাৰ দায়িত্বত থকা নিশা পিণ্টু কুমাৰ পাটিল নামৰ কৰ্মচাৰীজনক শোৱাপাটীৰ পৰা মাতি আনি বেয়াকৈ মাৰপিট কৰাৰ পিছত কৰ্মচাৰীজনৰ হাতত থকা পেট্ৰল পাম্পটোৰ তেল বিক্ৰীৰ নগদ ৪০,২০০ টকা লুটি লৈ যায়। সিদিনা নিশাই আৰক্ষীৰ এটি দল উপস্থিত হৈ পাম্পটোৰ সেই কৰ্মচাৰীজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতাললৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে। পিছদিনা পুৱা ভূক্তভোগী কৰ্মচাৰীজনে ধুবুৰী সদৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে আৰু পেট্ৰল পাম্পটোৰ চিচি কেমেৰাত লিপিবদ্ধ হোৱা মাৰপিটৰ সেই ভিডিঅ’ পৰীক্ষা কৰি তিনিজনকৈ যুৱকক গ্ৰেপ্তাৰ কৰে। ধৃত তিনিগৰাকী ধুবুৰী চহৰৰ যোগমায়া ঘাট অঞ্চলৰ সঞ্জীৱ দাস (২৬), চলাকুৰা চৰৰ ছাদ্দাম হুছেইন (১৯) আৰু ভাষানীৰ চৰৰ জাকাৰীয়া শ্বেখ (১৯) বুলি জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like