নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথ দুৰ্ঘটনাত মন্দিৰা আৰক্ষী চকীৰ হোমগাৰ্ডৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : বকো-ছয়গাঁও সমষ্টিৰ বামুণবড়ীত নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় | থিতাতে নিহত হয় মন্দিৰা আৰক্ষী চকীৰ হোমগাৰ্ড ৰামপ্ৰসাদ মণ্ডল (৪৬)। বুধবাৰে নিশা নিজৰ কৰ্তব্য সামৰি মন্দিৰা আৰক্ষী চকীৰ পৰা মৌখোৱাৰ ঘৰলৈ এ এছ-২৫ আৰ-৬৭৪০ নম্বৰৰ স্কুটীৰে গৈ থকা সময়তে বামুণবড়ী বজাৰৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো৷ নিশা ১১ মান বজাত এখন ট্ৰেক্টৰৰ স’তে হোৱা সংঘৰ্ষৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু থিতাতে নিহত হয় লোকজন | খবৰ পাই ঘটনাস্থলীত মন্দিৰা আৰক্ষীৰ এটা দল উপস্থিত হয় যদিও ঘটনাস্থলীতে মৃত্যু হয় হোমগাৰ্ড ৰামপ্ৰসাদ মণ্ডলৰ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ দিহা কৰে৷ অতিকে অমায়িক গৃহৰক্ষী জোৱানজনৰ আকস্মিক মৃত্যুত শোকৰ ছাঁ পৰিছে অঞ্চলজুৰি৷ আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত হোৱা মাটি কঢ়িওৱা ট্ৰেক্টৰখন জব্দ কৰাৰ লগতে গৃহৰক্ষী জোৱানজনৰ স্কুটীখনো থানালৈ নিয়ে৷

 

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like