নিয়মীয়া বাৰ্তা, ৮ মাৰ্চঃ ক’ৰোনা ভাইৰাছ বিশ্বৰ প্রায় ৮০খন দেশত বিয়পি পৰাৰ পিছত এই ৰোগৰ পৰা হাত সাৰিবলৈ বিজ্ঞানীসকলে নানা গৱেষণা অব্যাহত ৰাখিছে৷ ইয়াৰ মাজতে বিজ্ঞানীয়ে সকীয়নি দি কৈছে যে ক’ভিড–১৯ মানুহৰ হাতত বহু সময়লৈ জীয়াই থকাৰ দৰে ম’বাইল ফোনৰ স্ক্রীনতো ৭ দিনলৈকে সক্রিয় অৱস্থাত থাকে৷ বিজ্ঞানীসকলে কৈছে যে ইয়াৰ জৰিয়তে ভাইৰাছ সংক্রমণ হ’ব পাৰে৷ সাধাৰণতে কাঁহ, হাঁচিৰ জৰিয়তে বিয়পি পৰিলেও ই কম সময়ৰ বাবেহে সক্রিয় হৈ থাকে৷ কিন্তু ম’বাইল হেণ্ডছেটত এই ভাইৰাছ ৭ দিনলৈকে জী থাকে৷ বিশেষজ্ঞসকলে জনোৱা মতে এই ভাইৰাছ মাৰিবৰ বাবে দিনটোত কমেও দুবাৰকৈ ম’বাইল হেণ্ডছেট এলকহলযুক্ত ৱাইপছেৰে মচিব লাগে৷ ছাউডাম্পটন বিশ্ববিদ্যালয়ৰ প্রফেছৰ কীভিলে কৈছে যে আপোনালোকে হাত ধুব পাৰে, কিন্তু যদি আপুনি সেই হাতেৰে আপোনাৰ স্মার্টফোনৰ স্ক্রীনত স্পষ্ট কৰে আৰু সেই হাতেৰে মুখ চুৱে তেন্তে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটিব পাৰে৷