নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস

নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ : ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়ত ঢেকীয়াজুলি থানা চৌহদত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ গৈ শ্বহীদ বৰণ কৰা মনবৰ নাথৰ স্মৃতিত প্ৰতিবছৰৰ দৰে এইবেলিও শ্বহীদ দিৱস অনুষ্ঠিত কৰা হয়। এইবেলি শালকোছাত দৌল মন্দিৰ প্ৰাংগণত দিৱসটি কেন্দ্ৰীয়ভাৱে দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। দিৱস উপলক্ষে নাথ যোগী জনগোষ্ঠীটোৰ কলাকৃষ্টি, জনগোষ্ঠীয় সংস্কৃতি প্ৰদৰ্শন কৰি শোভাযাত্ৰা উলিয়ায়। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, জাতীয় শ্বহীদ মনবৰ নাথৰ প্ৰতিচ্ছবিৰ লগতে গুৰু গোৰক্ষ নাথৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি সাংস্কৃতিক শোভাযাত্ৰা উলিয়ায়। ইয়াৰ পিছতে অনুষ্ঠিত কৰা হয় মুকলি সভা। য’ত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাছা, আছুৰ প্ৰাক্তন সভাপতি দীপাংক নাথ, কেএচিৰ কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়, আটাছুৰ সভাপতি মিলন বুঢ়াগোহাঁই, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শ্বাহনাৱাজ হুছেইন, সূত্ৰধৰ ছাত্ৰ সন্থাৰ সভাপতিকে ধৰি বহু গণ্যমান্য ব্যক্তি। মুকলি সভাত ভাষণ প্ৰসংগত নাথ যোগী ছাত্ৰ সন্থাই শ্বহীদ মনবৰ নাথৰ স্মৃতিত এখন মেডিকেল কলেজ নামকৰণ কৰিবলৈ সজোৰে দাবী উত্থাপন কৰে। ইয়াৰ উপৰি নাথ যোগী সম্প্ৰদায়ৰ লোকসকলক চৰকাৰে অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰি তীব্ৰ ক্ষোভ উজাৰে। লগতে বক্তাসকলে কয় যে অনতিপলমে চৰকাৰে নাথ যোগীসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে নাথ যোগী সম্প্ৰদায়ৰ লোকসকলৰ বাবে উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদৰ দাবী জনায়।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like