নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহুধাবিভক্ত সাহিত্যানুষ্ঠান সাহিত্য জগতৰ বাবে ক্ষতিকাৰক

নিয়মীয়া বার্তা, ২১ ছেপ্টেম্বৰঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আজি জাগীৰোডত শ্বহীদ কনকলতা বৰুৱা স্মৃতি ত্রয়োবিংশতিতম জাতীয় চেতনা দিৱস উদ্যাপন কৰে৷ পুৱা পতাকা উত্তোলন, বন্তি প্রজ্বলন কৰাৰ পিছতেই সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী পুষ্পা গগৈৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি মৃণালিনী দেৱীয়ে৷ সভাত অংশগ্রহণ কৰি তেওঁ শ্বহীদ কনকলতা বৰুৱাৰ জীৱন–দর্শন আৰু দেশপ্রেমৰ বিষয়ে বিশদভাৱে উল্লেখ কৰে৷ তদুপৰি তেওঁ ভাষণত কয় যে বিভিন্ন ভাগত বিভক্ত হোৱা সাহিত্যৰ অনুষ্ঠান সাহিত্য জগতৰ লগতে সমাজৰ বাবে ক্ষতিকাৰক৷ সাহিত্য অনুষ্ঠানত জডিত ব্যক্তিসকলে নৈতিকতা আৰু সততাৰে সেৱা আগবঢ়াব লাগে৷ এইক্ষেত্রত সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে সাহিত্যানুৰাগী মহিলাসকলক একত্রিত কৰি আদর্শ দাঙি ধৰিছে৷ তেওঁ আৰু কয় যে আজিকালি কিবা এটা লিখিবলৈ হ’লেই সকলোৱে পোনতেই ম’বাইল– ইণ্টাৰনেটৰ সহায় লয়৷ তাৰ পৰিৱর্তে গ্রন্থ অধ্যয়নহে কৰিব লাগে৷ উল্লেখযোগ্য যে লেখিকা সমাৰোহ সমিতিয়ে প্রতি বছৰৰ দৰে এইবেলিও শ্বহীদ কনকলতা বৰুৱা স্মৃতি বঁটা প্রদান কৰে৷ সমাজৰ বাবে অনবদ্য অৱদান আগবঢ়োৱা কার্বি আংলঙৰ লেখিকা লাষ্টি মিঠি আৰু উত্তৰ শালমৰাৰ তৰুলতা ৰায়ক এই বঁটা প্রদান কৰে৷ অৱশ্যে লাষ্টি মিঠি অসুস্থ হৈ থকাৰ বাবে তেওঁৰ হৈ জীয়ৰীয়ে বঁটা গ্রহণ কৰে৷ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰা অনুষ্ঠানত শিখা গগৈ আৰু ৰুমী শইকীয়া সম্পাদিত স্মৃতিগ্রন্থ ‘অদ্বিকা’ উন্মোচন কৰাৰ লগতে তিনিগৰাকী সাহিত্যসেৱীৰ তিনিখন গ্রন্থ উন্মোচন কৰা হয়৷

প্ৰেৰক হৰিপ্ৰসাদ মল্লিক

You might also like