নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিছামাৰী মহাবিদ্যালয়ত নৱাগত আদৰণী সভা

নিয়মীয়া বাৰ্তা, ২১ ছেপ্টেম্বৰ : বিগত বৰ্ষৰ দৰে এইবাৰো শোণিতপুৰ জিলাৰ উত্তৰ-পশ্চিমত অৱস্থিত বৃহত্তৰ মিছামাৰী অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান মিছামাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় নৱাগত আদৰণী সভা ৷ প্ৰখৰ ৰ’দ আৰু উৎকট গৰমক নেওচি মহাবিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে আজিৰ নৱাগত আদৰণী সভাৰ সকলো কাৰ্যসূচীৰ সফল ৰূপায়ণ কৰে ৷ দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা মহাবিদ্যালয়খনৰ নৱাগত আদৰণী সভাৰ আৰম্ভণিতে মিছামাৰী উচ্চ মাধ্যমিক কন্যা বিদ্যালয়ৰ প্ৰধান শিক্ষক মনোৰঞ্জন ভাগৱতীৰ দ্বাৰা পতাকা উত্তোলনৰ পাছতে স্মৃতি তৰ্পণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ অধ্যাপিকা সংগীতা শইকীয়াই আৰু ইয়াৰ পাছতে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী তথা মিছামাৰী শাখা সাহিত্য সভাৰ সভানেত্ৰী মীৰা শইকীয়া ফুকনে মহাবিদ্যালয়খনৰ নৱাগত আদৰণী সভা উপলক্ষে প্ৰস্তুত কৰা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে ৷ আনহাতে, মহাবিদ্যালয়ৰ প্ৰাংগণত নৱাগত আদৰণী সভাৰ গীত, নৃত্য প্ৰদৰ্শন আৰু অতিথিৰ বক্তৃতা প্ৰদানৰ কাৰণে নিৰ্মাণ কৰা মঞ্চ মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সম্পাদক লক্ষণ কুমাৰ দাসে এগছি বন্তি প্ৰজ্বলন কৰি মুকলি কৰে ৷ ইয়াৰ পাছতে মঞ্চত ছাত্ৰ-ছাত্ৰীসকলে নিজা নিজা প্ৰতিভা তথা গীত-নৃত্যৰ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ৰাজ্যখনত বসবাস কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ জাতীয় জীৱনৰ সৈতে ওতপ্ৰোতভাৱে জড়িত বিহু, ঝুমইৰ, বাগৰুম্বা আদি লোককৃষ্টিৰ সমান্তৰালকৈ অন্যান্য জাতি, উপ-জাতিৰ গীত-নৃত্য ছাত্ৰ-ছাত্ৰীসকলে প্ৰদৰ্শন কৰি অনুষ্ঠানটো উৎসৱমুখৰ কৰি তোলে৷ অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ ডেকা, গৰুবন্ধা পঞ্চায়তৰ প্ৰাক্তন সভাপতি আব্বাছ আলী, মিছামাৰী মহাবিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ প্ৰাক্তন সম্পাদক কনক ভট্টাচাৰ্য, সমাজকৰ্মী সুবল ৰাভা, মিছামাৰী শাখা সাহিত্য সভাৰ সভানেত্ৰী মীৰা শইকীয়া ফুকন, সমাজকৰ্মী দুলুমণি বৰা দাস, আছা নেতা সুৰেশ তাঁতী, গাঁওপ্ৰধান নিত্যানন্দ দাস আদি উপস্থিত আছিল ৷ অনুষ্ঠানত উৎকট গৰমকো সহ্য কৰি অতিথি, ছাত্ৰ-ছাত্ৰীসকলে নৱাগত আদৰণী সভাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাত মহাবিদ্যালয় কৰ্তৃপক্ষই সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৷

প্ৰেৰক বগা তপ্ন

You might also like