নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মণিপুৰত ম্যানমাৰৰ ৯০০ উগ্রপন্থীৰ প্রৱেশ

🔹 চুবুৰীয়া ৰাজ্যত যিকোনো মুহূর্তত ভয়াৱহ আক্রমণৰ পৰিকল্পনা

🔹 ৩০জনীয়া গোটত বিভক্ত সশস্ত্র কুকি উগ্রপন্থী

🔹 চোৰাংচোৱাৰ তথ্যৰ পাছতে সতর্ক সেনা

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : হামাছ সন্ত্রাসবাদীয়ে ইজৰাইলত আক্রমণ কৰাৰ লেখীয়াকৈ মণিপুৰতো ম্যানমাৰৰ পৰা অনুপ্রৱেশ কৰা উগ্রপন্থীয়ে ভয়াৱহ আক্রমণ চলাব৷ কুকি আৰু মেইটেই সম্প্রদায়ৰ মাজত সংঘটিত গোষ্ঠী সংঘর্ষই মণিপুৰ অশান্ত কৰি ৰখাৰ সময়তে কুকি উগ্রপন্থীয়ে ড্রোনেৰে বোমা নিক্ষেপ কৰি ইতিমধ্যে ভয়াৱহ আক্রমণ চলাইছে৷ এই ভয়াৱহ আক্রমণৰ বাবে ৰাজ্যখন অশান্ত হৈ আছে৷ শেহতীয়াকৈ চোৰাংচোৱা সূত্রই লাভ কৰা তথ্য মতে, ম্যানমাৰৰ পৰা ৯০০ কুকি উগ্রপন্থীয়ে মণিপুৰত অনুপ্রৱেশ কৰিছে৷ অত্যাধুনিক মাৰণাস্ত্রৰে সুসজ্জিত ৯০০ কুকি উগ্রপন্থীয়ে ৩০জনীয়া গোটত বিভক্ত হৈ ৰাজ্যখনৰ বিভিন্ন স্থানত বাহৰ পাতিছে৷ যিকোনো মুহূর্ততে এই উগ্রপন্থী গোটকেইটাই ভয়াৱহ আক্রমণ সংঘটিত কৰিব! চোৰাংচোৱা সূত্রই এই তথ্য লাভ কৰাৰ পাছতে ৰাজ্যখনত সেনাক সতর্ক কৰি দিয়া হৈছে৷ তথ্য মতে, কুকি উগ্রপন্থীয়ে চলিত মাহতে ভয়াৱহ আক্রমণ সংঘটিত কৰিব৷ এক সূত্রই প্রকাশ কৰা মতে, ২৮ ছেপ্টেম্বৰত সশস্ত্র কুকি উগ্রপন্থীয়ে মণিপুৰত সংহাৰ চলোৱাৰ সম্ভাৱনা আছে৷ মণিপুৰৰ নিৰাপত্তাৰ দায়িত্বত থকা নিৰাপত্তা উপদেষ্টা কুলদীপ সিঙে প্রকাশ কৰা মতে, ম্যানমাৰৰ পৰা মণিপুৰত প্রৱেশ কৰা উগ্রপন্থী সংগঠনে আক্রমণ কেতিয়া ক’ত কৰিব, সেয়া নিশ্চিত নহয় যদিও চোৰাংচোৱাৰ তথ্য এশ শতাংশ নিশ্চিত বাবেই সেনাক সজাগ কৰি ৰখা হৈছে৷ গুৰুত্বপূর্ণ যে মণিপুৰত বিভিন্ন অঞ্চলত বাহৰ পাতি থকা কুকি উগ্রপন্থী সংগঠনৰ দুর্ধর্ষ সদস্য অতি কঠোৰ প্রশিক্ষণপ্রাপ্ত৷ উগ্রপন্থী সদস্যসকলে ড্রোনৰ জৰিয়তে আক্রমণ চলাব পাৰে, জংঘলত অনায়াসে যুদ্ধ কৰিব পাৰে, সকলো ধৰণৰ অত্যাধুনিক অস্ত্র–শস্ত্র চলোৱাত দক্ষ এই উগ্রপন্থী দলটোৰ সদস্য৷ ইপিনে, মণিপুৰৰ গোষ্ঠীগত সংঘর্ষ আৰু কূটাঘাতমূলক কার্যত বিদেশী শক্তিৰ হাত আছে বুলি মুখ্যমন্ত্রী এন বীৰেন সিঙে প্রকাশ কৰিছে৷ চোৰাংচোৱাৰ মতেও কুকি উগ্রপন্থী সংগঠনক চীন আৰু পাকিস্তানৰ আইএছআয়ে সহায় কৰি আহিছে৷ তদুপৰি ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ সৈতেও জড়িত হৈ আছে কুকি উগ্রপন্থী৷ চীন, আইএছআই আৰু ম্যানমাৰৰ উগ্রপন্থী সংগঠনৰ সহযোগিতাত কুকি উগ্রপন্থীয়ে মণিপুৰত ভয়াৱহ আক্রমণ চলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি৷

You might also like