নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৪২ দিনৰ মূৰকত কর্তব্যলৈ কনিষ্ঠ চিকিৎসক

🔹 তৰুণী চিকিৎসকক ধর্ষণ–হত্যাৰ ন্যায় বিচাৰি প্রতিবাদ

নিউজ ডেস্ক, ২২ ছেপ্টেম্বৰ : পশ্চিমবংগৰ কলকাতাৰ আৰ জি কৰ মেডিকেল কলেজ আৰু হাস্পতালৰ তৰুণী চিকিৎসকক ধর্ষণ আৰু হত্যাৰ ন্যায় বিচাৰি প্রতিবাদ সাব্যস্ত কৰা কনিষ্ঠ চিকিৎসকসকল ৪২ দিনৰ মূৰকত চৰকাৰী চিকিৎসালয়ৰ কর্তব্যলৈ ওভতে৷ চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাত কনিষ্ঠ চিকিৎসকসকলে কালিৰে পৰা সেৱা আগবঢ়াইছে যদিও অ’পিডিত কামত যোগ দিয়া নাই৷ প্রতিবাদী চিকিৎসকৰ অন্যতম অনিকেত মাহাতোৱে প্রকাশ কৰা মতে, প্রতিবাদী চিকিৎসকসকলে কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱাতহে কর্তব্য পালন কৰিছে৷ অর্থাৎ তেওঁলোকে আংশিকভাৱেহে চিকিৎসালয়ত সেৱা আগবঢ়াইছে৷ তদুপৰি একাংশ কনিষ্ঠ চিকিৎসক বানত বিধ্বস্ত জিলালৈও গৈছে বুলি কয় অনিকেত মাহাতোৱে৷ মুখ্যমন্ত্রী মমতা বেনার্জীৰ সৈতে আলোচনাৰ পাছতো সু–মীমাংসা নোহোৱাত প্রতিবাদী কনিষ্ঠ চিকিৎসকসকলে তৰুণী চিকিৎসকৰ ন্যায়ৰ দাবী তুলিছে৷ ৭ দিনৰ ভিতৰত যদি প্রশাসনে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰে তেতিয়াহ’লে পুনৰ প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলিও কয় অনিকেত মাহাতোৱে৷

You might also like