নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বঢ়মপুৰত শিক্ষানুষ্ঠানৰ সন্মুখতে দশম শ্ৰেণীৰ ছাত্ৰক আক্ৰমণ

বিশেষ বাৰ্তা, ২৬ ছেপ্টেম্বৰ : দৰং জিলাৰ ছিপাঝাৰৰ পদুম পুখুৰী হাইস্কুলৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰক বিদ্যালয়তে মৰিয়াই হত্যা কৰা শিহৰণকাৰী কাণ্ড আৰু যোৰহাট জিলাৰ পশ্চিম যোৰহাটৰ দহোটিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এদল ছাত্ৰই এজন ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰা ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই আজি নগাঁও জিলাৰ বঢ়মপুৰ বৰবাৰীত এজন ছাত্ৰক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হয়। বৰবাৰীৰ পাৰুল বালা গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্র কপিল বৰাক পৰীক্ষা দিবলৈ আহি থকা অৱস্থাত মৃদুল আলি নামৰ এজন যুৱকে লোহাৰ ৰডৰে প্ৰহাৰ কৰে। ফলত যুৱকজন গুৰুতৰভাবে আহত হয়। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই বিদ্যালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাক স্থানীয় ৰাইজে সহজভাৱে ল’ব বিচৰা নাই। জানিব পৰা মতে পেট্ৰল ডিপোত বাহনত তেল ভৰাবলৈ অহা মৃদুল আলিৰ লগত ছাত্ৰজনৰ কিছু কথাৰ বাবে তৰ্ক হৈছিল। ইয়াতে ক্ষুণ্ণ হৈ মৃদুল আলিয়ে ছাত্ৰজনক প্ৰহাৰ কৰে। ছাত্ৰজনৰ লগত মৃদুলৰ পূৰ্বতেও কাজিয়া লাগিছিল বুলি জানিব পৰা গৈছে। স্থানীয় ৰাইজ আৰু সাংবাদিকৰ তৎপৰতাত প্ৰধান শিক্ষকে ছাত্ৰজনক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়ে। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ঘটনাস্থলীত পুৰণিগুদাম আৰক্ষী চকীৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।আজি বিদ্যালয়খনৰ সন্মুখতে এই ঘটনা সংঘটিত হোৱাত শিক্ষক -শিক্ষয়িত্ৰী, স্থানীয় সচেতন মহলে আশ্বৰ্য প্ৰকাশ কৰিছে।এই ঘটনাক সকলোৱে তীব্ৰ গৰিহণা দিয়াৰ লগতে আক্ৰমণকাৰীক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনোৱাৰ লগতে শিক্ষাৰ্থী সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰো দাবী জনায়।

প্ৰেৰক কনক হাজৰিকা

You might also like