নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন সম্পন্ন 

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্র সন্থাৰ নিৰ্বাচন আজি অনুষ্ঠিত হৈ যায়। বিগত কিছুদিন ধৰি ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ চৌহদ নিৰ্বাচনী বতাহে চুই যোৱাৰ অন্তত আজি এক শান্তিপূৰ্ণ আৰু উচাহমুখৰ পৰিৱেশত স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ২০২৪-২৫ বর্ষৰ নিৰ্বাচন অনুষ্ঠিত হয়। আজি পুৱাৰে পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰতিদ্বন্দী প্ৰাৰ্থীসকলৰ মাজত পৰিলক্ষিত হয় ব্যাপক তৎপৰতা। কালি নিশাৰে পৰা আজি দুপৰীয়ালৈ আহি থকা কিনকিনিয়া এজাক বৰষুণকো আওকাণ কৰি পুৱাৰ পৰাই ভোটদান কৰিবলৈ অহা বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে বিশ্ববিদ্যালয়ৰ নিৰ্বাচনী পৰিৱেশ উৎফুল্লিত কৰি তোলে। দিনৰ প্ৰায় ১২ বজাৰ পিছত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। আজি বিশ্ববিদ্যালয়ৰ তিনিটা স্থানত ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হয়। উল্লেখনীয় যে আজি অনুষ্ঠিত নিৰ্বাচনত মুঠ ৬০.৭ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ নিশ্চিত কৰে ছাত্ৰ-ছাত্ৰী সকলে। সৰ্বমুঠ ভোট আছিল ৪০৮৫ । ইয়াৰে ২৪৮৩ গৰাকী ভোটাৰ ভোটদান কৰে । কাইলৈ পুৱা ৯ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া  আৰম্ভ হ’ব আৰু কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে। এক শান্তিপূৰ্ণ আৰু সুশৃংখলিত পৰিৱেশৰ মাজেৰে ভোট গ্ৰহণ সম্পন্ন কৰাৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্বাচনী বিষয়াৰ লগতে স্নাতকোত্তৰ ছাত্ৰ সন্থাই ধন্যবাদ জ্ঞাপন কৰে। আজি বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে বুলি জানিব পৰা গৈছে ।
You might also like