বর্ণিহাটৰ ছাগলী গৱেষণা কেন্দ্র ধ্বংসৰ ষড়যন্ত্র
নিয়মীয়া বাৰ্তা, ৮মার্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তর্গত গুৱাহাটী মহানগৰীৰ নিকটৱর্তী বর্ণিহাট তামুলীকুছিস্থিত ছাগলী গৱেষণা কেন্দ্রটোলৈ নামি আহিছে ভয়ংকৰ সংকট৷ জিলা প্রশাসনে এই ছাগলী গৱেষণা কেন্দ্রটোত স্থাপন কৰিব বিচাৰিছে জাবৰ নিষ্কাশনৰ এক বৃহৎ প্রকল্প৷ যাৰ বাবে হেৰাই যোৱাৰ উপক্রম হৈছে ৪২ বছৰীয়া এই গৱেষণা মহান প্রতিষ্ঠানটো৷ অর্থনৈতিক উন্নয়নৰ ওপৰত গুৰুত্ব প্রদান কৰি ছাগলী গৱেষণা কেন্দ্রটোত বিজ্ঞানসন্মতভাৱে উন্নত জাতৰ ছাগলী পালনৰ জৰিয়তে কেনেদৰে লাভান্বিত হ’ব পাৰি তাৰ ওপৰত গুৰুত্ব প্রদান কৰিয়ে চৰকাৰে ১৯৭৮ চনত বর্ণিহাটৰ তামুলীকুছি অঞ্চলত এই গৱেষণা কেন্দ্রটো প্রতিষ্ঠা কৰিছিল৷ তেতিয়াৰে পৰা কেন্দ্রটোত বিজ্ঞানসন্মতভাৱে উন্নত জাতৰ ছাগলী উৎপাদন কৰাই নহয়, ছাত্র–ছাত্রীক শিক্ষা, প্রশিক্ষণ দি অহা হৈছে৷ ইফালে কেন্দ্রটোৰ চৌহদতে উন্নত জাতৰ ঘাঁহ উৎপাদন কৰি কেন্দ্রটোত থকা ২৮০ টা ছাগলীক যোগান ধৰাই নহয় বানপানীৰ সময়ত বানাক্রান্ত অঞ্চলত পশুধনক কেন্দ্রটোৰ জৰিয়তে ঘাঁহো যোগান ধৰি অহাৰ কথা উল্লেখ কৰে গৱেষণা কেন্দ্রটোৰ অৱসৰ প্রাপ্ত জ্যেষ্ঠ বিজ্ঞানী আব্দুছ ছালেক আৰু বিজ্ঞানী প্রাঞ্জল বৰাই৷ ৬নং ৰাষ্ট্রীয় ঘাইপথৰ দাঁতিতে থকা উত্তৰ–পূর্বাঞ্চলৰ একমাত্র ছাগলী গৱেষণা কেন্দ্রটোৰ দায়িত্বত থকা আটাইকেইগৰাকী বিষয়া–কর্মচাৰীয়ে অশেষ কষ্টৰে দায়িত্ব পালন কৰি আহিছে৷ তেনে সময়তে কামৰূপ মহানগৰ জিলা প্রশাসনে ছাগলী গৱেষণা কেন্দ্রটোৰ চৌহদতে আৱর্জনা নিষ্কাশন প্রকল্প এটা স্থাপন কৰিব বিচৰাক লৈ শংকিত হৈছে কেন্দ্রটোৰ বিষয়া–কর্মচাৰী, স্থানীয় লোক আৰু বিভিন্ন দল–সংগঠনে৷ জানিব পৰা মতে ৫০ বিঘা মাটিত স্থাপিত হৈছে এই ছাগলী গৱেষণা কেন্দ্রটো৷ এতিয়া এই ভূমিখিনিতে আৱর্জনা নিষ্কাশন প্রকল্পটো স্থাপনৰ বাবে যো–জা কৰা কথা জানিব পৰা গৈছে৷ প্রকল্পটোৰ বাবে প্রয়োজন হ’ব ৪০ বিঘা মাটি৷ তেনেক্ষেত্রত ১৯৭৮ চনতে স্থাপিত হোৱা গৱেষণা কেন্দ্রটোৰ বাবে আহিছে বিপদ৷ যদি গৱেষণা কেন্দ্রটোৰ লগতে এই আৱর্জনা নিষ্কাশন প্রকল্প গঢ়ি তোলে তেন্তে তাত থকা ছাগলীবোৰ কোনো কাৰণতে জীয়াই থকাৰ কথা ভাবিব নোৱাৰি৷ এই প্রকল্পই সৃষ্টি কৰিব মাটি, পানী, বায়ু ভয়াৱহ প্রদূষণ৷ কেৱল প্রদূষণৰ ফলত জন্তুৱে নহয়–মানুহৰো অপকাৰ সাধন কৰিব৷ ইপিনে গৱেষণা কেন্দ্রটোৰ দখলত থকা ৯০ বিঘা ভূমি বেদখলৰ কবলত পৰিছে৷ কোনো কাৰণতে দল–সংগঠনৰ লগত স্থানীয় লোকে নিবিছাৰে ছাগলী গৱেষণা কেন্দ্রটোৰ চৌহদত আৱর্জনা নিষ্কাশন প্রকল্প৷ ইপিনে একাংশ দালাল প্রকৃতিৰ লোকে গৱেষণা কেন্দ্রটোতে আৱর্জনা নিষ্কাশন প্রকল্পটো হ’ব লাগে বুলি সহযোগ আগবঢ়োৱাৰ অভিযোগ পোৱা গৈছে৷ তেওঁলোকক ৰাইজে গৰিহণা দিছে৷ নিজৰ পকেট গৰম কৰাৰ স্বার্থত ৪২ বছৰীয়া এটা মহান অনুষ্ঠান ধ্বংস কৰি প্রদূষণ সৃষ্টি কৰা প্রকল্প নির্মাণৰ বাবে যিসকল দালালে হাত উজান দিছে সেইসকল মুখা পিন্ধা ভদ্রলোক দালাল ৰাইজৰ ৰোষত পৰাটো নিশ্চিত হৈছে৷ প্রকল্পটো বন্ধ কৰাৰ দাবীত ইতিমধ্যে আমৰি কার্বি ৬ জাতীয় সংগঠনে সোণাপুৰ চক্র বিষয়াৰ জৰিয়তে কামৰূপ (ম) জিলা উপায়ুক্তলৈ স্মাৰক–পত্র প্রেৰণ কৰিছে৷