নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় দলত স্থান লাভ ৰিয়ান পৰাগৰ

🔹 বাংলাদেশৰে টি–২০ শৃংখলা

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : পুনৰ ভাৰতীয় ক্রিকেট দলত স্থান লাভ কৰিলে অসম-সন্তান ৰিয়ান পৰাগে৷ ভ্রমণকাৰী দল বাংলাদেশৰ বিপক্ষে খেলিবলগীয়া আগন্তুক তিনিখনীয়া টি–২০ মেচৰ শৃংখলাটোৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰা হৈছে৷ ঘোষিত দলটোত পুনৰবাৰ স্থান লাভ কৰিলে ৰিয়ান পৰাগে৷ শেহতীয়াকৈ দাঙি ধৰা উন্নত প্রদর্শনৰ বাবেই অসম-সন্তান ৰিয়ান পৰাগক পুনৰ এবাৰ ভাৰতীয় দলটোত অন্তর্ভুক্ত কৰা হয়৷ বাংলাদেশৰ বিপক্ষে টি–২০ শৃংখলাটো ৬ অক্টোবৰৰ পৰা আৰম্ভ হ’ব৷ শৃংখলাটোৰ বাবে ঘোষিত দলটোত স্থান লাভ কৰিছে তাৰকা অলৰাউণ্ডাৰ হার্দিক পাণ্ডিয়াই৷ ইফালে, ভাৰতীয় দললৈ প্রত্যাৱর্তন ঘটিছে চাঞ্চল্যকৰ পেচ বলাৰ মায়ংক যাদৱৰ৷ প্রথমবাৰৰ বাবে ভাৰতীয় দলটোত স্থান লাভ কৰিছে মায়ংকে৷ ইফালে, ১৫জনীয়া দলটোত উইকেটকীপাৰ–বেটাৰ সঞ্জু ছেমছনকো অন্তর্ভুক্ত কৰা হৈছে৷ শৃংখলাটোত ভাৰতীয় দলটোক নেতৃত্ব দিব সূর্যকুমাৰ যাদৱে৷ ঘোষিত দলটোত বৰুণ চক্রৱর্তীৰ লগতে দ্বিতীয়গৰাকী উইকেটকীপাৰ হিচাপে জিতেশ শর্মাকো অন্তর্ভুক্ত কৰা হৈছে৷ শৃংখলাৰ দ্বিতীয় আৰু তৃতীয়খন মেচ ক্রমে ৯ আৰু ১২ অক্টোবৰত অনুষ্ঠিত হ’ব৷ বাংলাদেশৰে খেলিবলগীয়া টি–২০ শৃংখলাটোৰ বাবে ঘোষিত ভাৰতৰ ১৫ জনীয়া দলটো হ’ল– সূর্যকুমাৰ যাদৱ, অভিষেক শর্মা, সঞ্জু ছেমছন, ৰিংকু সিং, হার্দিক পাণ্ডিয়া, ৰিয়ান পৰাগ, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণই, বৰুণ চক্রৱর্তী, জীতেশ শর্মা, অর্শদ্বীপ সিং, হর্ষিত ৰাণা আৰু মায়ংক যাদৱ৷

You might also like