নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিৰুপতি মন্দিৰত পূজা-অর্চনা দেশৰ মুখ্য ন্যায়াধীশৰ

🔹 অন্ধ্রপ্রদেশ ভ্রমণ সপত্নীক চন্দ্রচূড়ৰ

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : শেহতীয়াকৈ গণেশ পূজাত দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ বাসগৃহত প্রধানমন্ত্রীৰ উপস্থিতিক লৈ বিতর্কৰ সৃষ্টি হয়৷ এই বিতর্ক সন্দর্ভত কোনোধৰণৰ প্রতিক্রিয়া প্রকাশ কৰা নাছিল চন্দ্রচূড়ে৷ এইবাৰ ‘ঈশ্বৰভক্ত’ দেশৰ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে দর্শন কৰিলে তিৰুপতিৰ ভেংকটেশ্বৰ স্বামী মন্দিৰ৷ কালি এই মন্দিৰটোত সপৰিয়ালে উপস্থিত হৈ পূজা আগবঢ়ায় চন্দ্রচূড়ে৷ ইয়াৰ উপৰি তিৰুমালাৰ সাবিত্রী মন্দিৰসহ একাধিক ধর্মীয় স্থান দর্শন কৰে দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে৷ সূত্রই সদৰী কৰা অনুসৰি যোৱা দুদিন অন্ধ্রপ্রদেশত আছিল চন্দ্রচূড়৷ পৰহি তিৰুপতি জিলাৰ মন্দিৰ নগৰীত উপস্থিত হয় মুখ্য ন্যায়াধীশগৰাকী৷ ইয়াতেই কেইবাটাও মন্দিৰ দর্শন কৰাৰ উপৰি কালি পত্নী কল্পনাক লগত লৈ তিৰুপতি মন্দিৰত উপস্থিত হয় চন্দ্রচূড়৷ এই মন্দিৰৰ পৰিচালনাৰ দায়িত্বত আছে তিৰুমালা তিৰুপতি দেৱস্থানম ন্যাস৷ কালি সপত্নীক চন্দ্রচূড়ক মন্দিৰ ন্যাসৰ পৰা আদৰণি জনায় ন্যাসৰ দুই বিষয়ববীয়া জে শ্যামলা ৰাও আৰু ভেংকায়া চৌধুৰীয়ে৷ মন্দিৰৰ প্রসাদৰ উপৰি চন্দ্রচূড়ক বিগ্রহৰ এখন ছবি উপহাৰ হিচাপে প্রদান কৰা হয়৷

You might also like