বৃহত্তৰ ধুবুৰীৰ আটাইতকৈ পুৰণি ১৬৪ বছৰীয়া দত্তবাৰীৰ দুৰ্গাপূজা
নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ কাইলৈ মহালয়া। মহালয়াৰ পিছদিনা অৰ্থাৎ প্ৰতিপদৰ পৰা আৰম্ভ হ’ব বৃহত্তৰ ধুবুৰীৰ আটাইতকৈ পুৰণি দুৰ্গাপূজাখন। স্থানীয় ৰাইজৰ মাজত দত্তবাৰীৰ পূজা বুলি পৰিচিত এই দুৰ্গাপূজাখনে এইবাৰ ১৬৪ বছৰত ভৰি দিব। প্ৰাক্-স্বাধীনোত্তৰ যুগৰ ১৮৬০ চনত পৰিয়ালটোৰ তৃতীয় পুৰুষ প্ৰয়াত ৰাজমোহন দত্তৰ পত্নী প্ৰয়াত ৰাশমনি দত্তৰ উদ্যোগত আৰম্ভ হৈছিল এই পাৰিবাৰিক দুৰ্গাপূজাখন৷ পূৰ্বে পূৰ্বে সন্ধি পূজাৰ দিনা ১০৮ টা ছাগলী বলি দিয়া হৈছিল৷ কিন্তু প্ৰয়াত ৰাজমোহন দত্তৰ দুই কৃতি পুত্ৰ কিশোৰ মোহন দত্ত আৰু বেণী মাধৱ দত্তৰ অকাল মৃত্যুৰ পিছত মাতৃ প্ৰয়াত ৰাশমনিয়ে শোক আৰু অভিমানত পূজাখন বন্ধ কৰি দিয়ে৷ অৱশ্যে পিছত প্ৰয়াত ৰাজমোহন দত্ত আৰু তেখেতৰ তিনি পুত্ৰ প্ৰয়াত প্যাৰিমোহন দত্ত, প্ৰয়াত শশীমোহন দত্ত, প্ৰয়াত ললিতমোহন দত্তৰ উদ্যোগত পূজাখন পুনৰ আৰম্ভ হয় যদিও তেতিয়াৰ পৰা পৰিয়ালটোৰ দুৰ্গাপূজাত বলি প্ৰথাৰ বিলোপ ঘটোৱা হয়। উল্লেখ্য যে, দত্তবাৰীৰ এই দুৰ্গাপূজাখনৰ প্ৰতিমা, পূজাৰ প্ৰণালী আৰু বিসৰ্জনৰ আছে কেতবোৰ বিশেষ নিয়ম৷ পূৰ্বৰ দৰেই এতিয়াও পৰিয়ালটোৰ দেৱী প্ৰতিমা নিৰ্মাণৰ কাম আৰম্ভ হয় জন্মাষ্টমীৰ দিনা৷ ১৫ ফুট উচ্চতাৰ তথা স্থানীয় ভাৱে “একচালা” শৈলীৰূপে পৰিচিত দুৰ্গা প্ৰতিমাৰ শৰীৰ আৰু বস্ত্ৰৰ ৰং, অংগ সজ্জা, মুখ আৰু চকুৰ অভিব্যক্তি পূজাখনৰ আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে সলনি কৰা হোৱা নাই। অৱশ্যে পূৰ্বে দেৱীৰ বস্ত্ৰ আৰু মুকুট মাটিৰে নিৰ্মাণ কৰা হৈছিল যদিও দশমীৰ বিসৰ্জনৰ সময়ত প্ৰতিমাৰ ওজনৰ বাবে হোৱা অসুবিধাৰ বাবে বৰ্তমানে মাটিৰ ঠাইত কাপোৰৰ বস্ত্ৰ পৰিধান কৰোৱা হয় দেৱীক। উল্লেখ্য যে, দত্তবাৰীৰ এই দুৰ্গাপূজাখনৰ আছে কেতবোৰ বিশেষ পৰম্পৰাও। প্ৰতিপদৰ পৰা দশমী পূজা সম্পন্ন নোহোৱালৈকে প্ৰতিদিনে ধলপুৱাতে ‘ঢাক’ বজাই ‘দেবীক শয়নৰ পৰা উঠোৱাৰ এক বিশেষ লোকাচাৰো আছে পূজাখনত৷ দশমীৰ দিনা দেবীক বিসৰ্জন দিয়াৰো আছে কেতবোৰ বিশেষ নিয়ম। ইয়াতে উল্লেখনীয় এয়াও যে সুদূৰ জাৰ্মানীৰ পৰা আহি এই পৰিয়ালটোৰ বোৱাৰী হোৱা তথা প্ৰখ্যাত ভাৰতনাট্যম আৰু কত্থক নৃত্যশিল্পী ইৰিকা ইনগ্ৰিড নন্দীয়ে ১৯৬৯ চনৰ পৰাই তেওঁলোকৰ পৰিয়ালৰ দুৰ্গাপূজাৰ মণ্ডপত প্ৰদৰ্শিত কৰি অহা আৰতিও ‘‘দত্তবাৰী’’ৰ পূজাৰ এক আন এক আকৰ্ষণ৷
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী