নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাৰদীয় দুৰ্গোৎসৱক লৈ বালিপৰাত ব্যাপক প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ বালিপৰা, ৰঙাপৰা, চাৰিদুৱাৰ অঞ্চলতো শাৰদীয় দুৰ্গোৎসৱক কেন্দ্ৰ কৰি ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হৈছে । আজি মহালয়াৰ দিনাখন বালিপৰাৰ জীয়াভৰলী নৈৰ পাৰত ব্যাপক ভিৰ কৰে ভক্তপ্ৰাণ ৰাইজে। দুৰ্গোৎসৱলৈ কেইটামান দিন বাকী থকাৰ মাজতে বালিপৰা চেন্টাৰ, বালিপৰা-চাৰিদুৱাৰ পথ আৰু বালিপৰা তেজপুৰ পথ আৰু বৰপাটগাঁৱৰ প্ৰতিমা নিৰ্মাতাসকলে দুৰ্গা আৰু অন্যান্য মৃন্ময় প্ৰতিমাসমূহত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে। একাংশই আকৌ বালিপৰা অঞ্চলত বিগত চাৰিদিন ধৰি প্ৰতিকূল বতৰৰ পৰিপ্ৰেক্ষিতত নিৰ্মিত প্ৰতিমাসমূহ শুকুওৱাৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱা বুলিও আক্ষেপ প্ৰকাশ কৰিছে। প্ৰতিবছৰৰ দৰে এইবেলিও বালিপৰা চেন্টাৰৰ স্থায়ী দুৰ্গা মন্দিৰৰ লগতে বালিপৰা-ৰঙাপৰা পথ, বালিপৰা-চাৰিদুৱাৰ পথ, বালিপৰা-লখিমপুৰ পথ,ফুলবাৰী, আদাবাৰী, খেলমাটি চেন্টাৰ, খেলমাটি বজাৰ, আমাৰীবাৰী, চাৰিদুৱাৰ চেন্টাৰ, গড়মৰা, ফৰেষ্ট গেট, অসম কটন মিলছ, চেঙেলীমৰা চেন্টাৰ, গামানী, হাতীগেট, ভালুকপুং, লোক্ৰা চেন্টাৰ, লোক্ৰাৰ লাউকে চাপৰি, লবৰঘাৰী দুৰ্গা মল্ল চ’ক, সোণাই পাম, সোণাই পাম, বাকোলা, হাতীবাৰী, নাহৰণী, ৰঙাপৰা নগৰৰ বিভিন্ন স্থান, পাটগাঁও, ঘোঁৰামাৰী, বৈঠাভংগা, মানশিৰি, খনামুখ, ৰৌমাৰী, গৰৈমাৰী, সোণাবিল ইত্যাদি বিভিন্ন স্থান সামৰি দুশখনৰো অধিক দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে যুদ্ধংদেহী প্ৰস্তুতি চলিছে । একেদৰে পূজাৰ লগত সংগতি ৰাখি ঠায়ে ঠায়ে অনুষ্ঠিত কৰা হৈছে মিনা বজাৰ। পূজা সমিতিসমূহে নিজ নিজ পূজা মণ্ডপ আকৰ্ষণীয়কৈ সজাই তোলাৰ বাবে সকলোধৰণৰ ব্যৱস্থা কৰিছে। পূজা প্ৰস্তুতিৰ অংশ হিচাপে অঞ্চলটোৰ মিঠাই দোকানসমূহৰ সন্মুখত জেলেপি, আমেথি ইত্যাদি বিক্ৰি কৰাৰ বাবে সজা হৈছে পেণ্ডেল।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like