নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শত্রু ইজৰাইলৰ পৰিকল্পনা ব্যর্থ কৰক মুছলিম বিশ্বই

🔹 ইৰানৰ শীর্ষ নেতা খোমেইনীৰ আহ্বান

নিউজ ডেস্ক, ৫ অক্টোবৰ : শুকুৰবৰীয়া নামাজৰ পৰাই ইজৰাইলক হুংকাৰ ইৰানৰ শীর্ষ নেতা আয়তুল্লা আলী খোমেইনীৰ৷ চিৰবৈৰী ইহুদী ৰাষ্ট্র ইজৰাইলৰ সকলো পৰিকল্পনাক ব্যর্থ কৰিবলৈ শুকুৰবৰীয়া নামাজৰ পৰাই ইৰানৰ শীর্ষ নেতা খোমেইনীয়ে মুছলিম বিশ্বক আহ্বান জনায়৷ মুছলিমসকলৰ উমৈহতীয়া শত্রু ইহুদী ৰাষ্ট্র ইজৰাইলৰ সকলো পৰিকল্পনা ব্যর্থ কৰিবলৈ মুছলিম বিশ্বক একত্রিত হৈ যুঁজিবলৈ সাজু হ’বলৈ আহ্বান জনায় খোমেইনীয়ে৷ বিগত বর্ষৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছৰ আক্রমণ বৈধ বুলি দাবী কৰি হামাছৰ সমর্থক ইজৰাইলে হিজবুল্লাৰ মুৰব্বী হাছান নাছৰাল্লাহক হত্যা কৰাৰ প্রতিশোধকল্পেই ইজৰাইলৰ ওপৰত ইৰানে আক্রমণ চলায়৷ কার্যতঃ ইৰানৰ ওপৰত ইজৰাইলে ১৮০তকৈ অধিক মিছাইলেৰে আক্রমণ কৰি ইহুদী ৰাষ্ট্রখনক হুংকাৰ দিয়ে৷ ইৰান আৰু ইজৰাইলৰ প্রত্যক্ষ সংঘাতে মধ্যপ্রাচ্যত তীব্র উত্তেজনাৰ সৃষ্টি কৰাৰ লগতে এখন যুদ্ধৰ শংকা ঘনীভূত হৈ আছে৷ তেহৰানত হিজবুল্লাৰ মুৰব্বী হাছান নাছৰাল্লাহৰ মৃত্যুক লৈ কেইবাশ লোকক শোকসভাত সম্বোধন কৰি শীর্ষ নেতা খোমেইনীয়ে এই হত্যাৰ প্রতিশোধ ল’বলৈ মুছলিম বিশ্বক একত্রিত হোৱাৰ বাবে ইতিপূর্বে আহ্বান জনাইছে৷ ইয়াৰ মাজতেই কালি নামাজৰ সময়ত শীর্ষ নেতা খোমেইনীয়ে ইহুদী ৰাষ্ট্রৰ ওপৰত যুঁজিবলৈ মুছলিম বিশ্বক আহ্বান জনায়৷ আগ্রাসী ইজৰাইলক প্রতিহত কৰাৰ বাবে আফগানিস্তানৰ পৰা য়েমেন, ইৰানৰ পৰা গাজা আৰু লেবাননলৈকে মুছলিম দেশসমূহে নিজৰ প্রতিৰক্ষাৰ বাবেই ইজৰাইলৰ পৰিকল্পনাক ব্যর্থ কৰিব লাগিব বুলিও কয় খোমেইনীয়ে৷ খোমেইনীৰ এই আহ্বানৰ পাছতেই লেবাননস্থিত হিজবুল্লাই ইজৰাইলৰ ওপৰত ৰকেটেৰে আক্রমণ কৰিছে৷ হিজবুল্লাৰ নতুন মুৰব্বী হাছেন ছাফিডিনৰ নির্দেশমর্মেই ইজৰাইলৰ ওপৰত হিজবুল্লাই আক্রমণ চলাইছে৷ ইপিনে, ইজৰাইলে লেবাননত হিজবুল্লাৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ বিগত ২৪ ঘণ্টাত হিজবুল্লাৰ ওপৰত ইজৰাইলী সেনাই চলোৱা আক্রমণত অতি কমেও ৩৭জন লোক নিহত হোৱাৰ লগতে ১৫০তকৈ অধিক আহত হৈছে৷ হিজবুল্লাৰ বেইৰুটত থকা মুখ্য কার্যালয়ত আক্রমণ চলাই মুৰব্বী হাছানক হত্যা কৰাৰ পাছত আজি হিজবুল্লাৰ যোগাযোগৰ মুৰব্বীকো আক্রমণেৰে হত্যা কৰিবলৈ সক্ষম হৈছে৷ হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজাত আক্রমণ চলাই থকাৰ মাজতেই ইজৰাইলে লেবাননত হিজবুল্লাৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰে৷ ইয়াৰ পাছতেই ইৰানে ইজৰাইলৰ ওপৰত আক্রমণ চলোৱাক লৈ মধ্যপ্রাচ্যত এখন যুদ্ধৰ দামামা বাজিছে৷ মধ্যপ্রাচ্যত তীব্র উত্তেজনাত উদ্বিগ্ণ ভাৰত৷ ইজৰাইল আৰু ইৰানৰ প্রত্যক্ষ সংঘাতে মধ্যপ্রাচ্যত অশান্ত পৰিস্থিতি সৃষ্টি কৰাক লৈ উদ্বিগ্ণ নতুন দিল্লী৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত সুৰক্ষাৰ কেবিনেট সমিতিয়ে কালি জৰুৰী বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠকত ইজৰাইল আৰু ইৰানৰ সংঘাতে মধ্যপ্রাচ্যত সৃষ্টি কৰিব পৰা পৰিস্থিতিক লৈ বিতং আলোচনা কৰা হয়৷

You might also like