নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত নলবাৰীত আছুৰ উত্তাল প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰ : সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ নলবাৰী  জিলা ছাত্ৰ সন্থাই বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । বিদ্যুৎ বিভাগৰ নলবাৰী সহকাৰী প্ৰবন্ধকৰ কাৰ্যালয়ৰ সন্মুখত স্মাৰ্ট মিটাৰ বন্ধ  কৰা আৰু বিদ্যুতৰ মাচুল হ্ৰাস কৰাৰ প্ৰতিবাদত ৰূপায়ণ কৰে এই বৃহৎ বিক্ষোভ কাৰ্যসূচী । বহুসংখ্যক প্ৰতিবাদকাৰী আছু কৰ্মীয়ে হাতে হাতে প্লে-কাৰ্ড লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিদ্যুত বিভাগ হায় হায় , বিদ্যুত মন্ত্ৰীৰ কাম নাই, বিদ্যুতৰ মাচুল হ্ৰাস কৰক আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । এই বিক্ষোভ কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ, সদৌ নলবাৰী  জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠকৰ নেতৃত্বত বহুসংখ্যক নেতা-কৰ্মীয়ে শ্বহীদ ভৱন বাকৰিৰ পৰা নলবাৰী চহৰত প্ৰতিবাদী সমদল উলিয়াই চৰকাৰবিৰোধী ধ্বনিৰে উত্তাল কৰি তোলে ।প্ৰতিবাদী কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা গুণজ্যোতি পাঠক, অক্ষয় ডেকা, উৎপল কলিতা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ভাঃ সভাপতি ফণীধৰ বৰুৱা, ভাঃ সাধাৰণ সম্পাদক কংকন কলিতাৰ নেতৃত্বত শতাধিক ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে নলবাৰী চহৰস্থিত বিদ্যুত বিভাগৰ কাৰ্যালয় ঘেৰাও কৰি বিভিন্ন শ্লোগানেৰে হাতে হাতে প্লে-কাৰ্ড লৈ কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰেৰক প্ৰাঞ্জল শৰ্মা

You might also like