🔹 লঘু দোষত গুৰু শাস্তি!
🔹 নাহৰকটীয়াৰ নামনি চাচনী জাতীয় বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে গোচৰ ৰুজু
বিশেষ বাৰ্তা, ৮ অক্টোবৰ : নাহৰকটীয়াৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষৰ কাণ্ডই চকু কপালত তুলিছে সকলোৰে। নাহৰকটীয়াৰ নামনি চাচনী জাতীয় বিদ্যালয়ৰ অধ্যক্ষই লঘু দোষত গুৰু শাস্তি বিহিলে ছাত্ৰক। সোমবাৰে বিদ্যালয়খনৰ অধ্যক্ষ জোনটি বড়াই ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰক জেওৰা খুঁটিৰে মৰিয়াই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ চাচনী অঞ্চলত। অভিযোগ মতে, বিদ্যালয়খনৰ অধ্যক্ষ তথা স্বত্বাধিকাৰ জোনটি বড়াৰ বেত্ৰাঘাতত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বিদ্যালয়খনত অধ্যয়নৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ চাচনীৰ ১নং বামুণীবিল গাঁৱৰ বিকি দত্ত। ভুক্তভোগী ছাত্ৰজনৰ পিতৃ বিপিন দত্তই জানিবলৈ দিয়া অনুসৰি, তেওঁৰ পুত্ৰ বিকি দত্ত আৰু একে শ্ৰেণীৰে আন এজন ছাত্ৰই বিদ্যালয়ত খেলি থকা অৱস্থাত ইজনে সিজনৰ চাইকেল পেলাই দিয়াক কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হয়। ইয়াৰ পিছতেই বিদ্যালয়খনৰ অধ্যক্ষ জোনটি বড়াই জেওৰা খুঁটিৰে বিকি দত্ত নামৰ ছাত্ৰজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰি দিনৰ ১২ বজাত বিদ্যালয়ৰ পৰা খেদি পঠিয়াই দিয়ে। অধ্যক্ষ জোনটি বড়াৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰজনে ঘৰলৈ গৈ নিজ অভিভাৱকক সকলো কথা বিৱৰি কয়। ভুক্তভোগী ছাত্ৰজনৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি, আনজন ছাত্ৰৰ বিৰুদ্ধে অধ্যক্ষগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। উক্ত ছাত্ৰজন বিদ্যালয়খনৰ অধ্যক্ষ তথা স্বতাধিকাৰী জোনটি বড়াৰ নিকটাত্মীয় হোৱা বাবে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকে বুলি অভিযোগ উত্থাপন কৰে। ইফালে, এই ঘটনাৰ পিছত ভুক্তভোগী ছাত্ৰজনৰ পিতৃ বিপিন দত্তই অভিভাৱক অৱগত নকৰাকৈ কিয় বিদ্যালয়খনৰ পৰা ছাত্ৰজনক খেদি পঠিওৱা হ’ল বুলি প্ৰশ্ন কৰে। এই ঘটনাক ১ নং বামুণীবিল গাঁৱৰ মহিলা সমিতিয়ে গৰিহণা দিয়াৰ লগতে শিক্ষক এজনৰ এনে কাণ্ড কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। ঘটনা সন্দৰ্ভত ছাত্ৰজনৰ অভিভাৱকে ইতিমধ্যে নাহৰকটীয়া থানাত অধ্যক্ষ জোনটি বড়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।