নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা প্ৰতিমা নিৰ্মাণৰ কাম আধৰুৱা কৰি পলাল কাৰিকৰ

🔹 কাছাৰত পূজা আয়োজক সমিতিৰ মাজত হাহাকাৰ

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : দুৰ্গা প্ৰতিমা নিৰ্মাণৰ কাম আধৰুৱা কৰি এজন প্ৰতিমা শিল্পী তথা কাৰিকৰ পলাই যোৱা ঘটনাত কাছাৰৰ একাংশ পূজা আয়োজক গোষ্ঠীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। প্ৰতিমা অসম্পূৰ্ণ হৈ থকা বাবে মূৰে-কপালে হাত দিছে বহু পূজা সমিতিয়ে। জানিব পৰা মতে, পঞ্চমীৰ দিনা যেতিয়া দুৰ্গা প্ৰতিমা সংগ্ৰহ কৰিবলৈ আহিছিল, তেতিয়া বিভিন্ন পূজা সমিতিৰ বিষয়াৰ মূৰত পাহাৰ ভাঙি পৰে। প্ৰতিমা শিল্পী কাজল পালে অন্যান্য কৰ্মীৰ সৈতে পূজা সমিতিৰ পৰা অগ্ৰিম ধন লৈ মূৰ্তি নিৰ্মাণৰ কাম আধৰুৱা কৰি পলায়ন কৰে। কাছাৰ জিলাৰ কাটিগৰা সমষ্টিৰ কালাইনত সংঘটিত হৈছে এই ঘটনা। বিভিন্ন পূজা সমিতিৰ সদস্যসকলে যেতিয়া মূৰ্তি সংগ্ৰহ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকে দেখিছিল যে তেওঁলোকৰ মূৰ্তি নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই, তেতিয়াই এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। এই খবৰ পাই ততাতৈয়াকৈ কালাইন থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় । ইপিনে, আধৰুৱা মূৰ্তি কঢ়িয়াই নিবলৈ বাধ্য হয় পূজা সমিতি। জানিব পৰা মতে, বহু মূৰ্তিত মাথোঁ মাটিৰ লেপ দিয়া হৈছিল। ইয়াৰ বাবে পূজা সমিতিয়ে কি কৰিব আৰু কেনেকৈ পূজা কৰিব, সেয়া লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে।

প্ৰেৰক গৌতম তালুকদাৰ

You might also like