🔹 লখিমপুৰলৈ গৌৰৱ কঢ়িয়ালে ধলপুৰৰ দশম শ্ৰেণীৰ ভাৰ্গৱে
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : ওড়িশাৰ ভুবনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত ৩৫সংখ্যক পূব মণ্ডল জুনিয়ৰ এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিছে ভাৰ্গৱ বৰুৱাই ৷ লখিমপুৰ জিলাৰ ধলপুৰ নিৱাসী দুনু বৰুৱা আৰু মল্লিকা গগৈ বৰুৱাৰ পুত্ৰ ভাৰ্গৱ ৷ ৭ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ অনুষ্ঠিত পূব মণ্ডল জুনিয়ৰ এথলেটিকছ-২০২৪ প্ৰতিযোগিতাত ভাৰ্গৱে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি পূব মণ্ডলৰ পূৰ্বৰ ৰেকৰ্ড ভংগ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয় ৷ বৰুৱাই ট্ৰাইথলন (৬০ মিটাৰ দৌৰ, বেক থ্ৰ’ আৰু লং জাম্প )ত এই খিতাপ অৰ্জন কৰে। উল্লেখযোগ্য যে ভাৰ্গৱ বৰুৱা হাৰমতী ডনবস্ক’ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ ৷ ভাৰ্গৱৰ স্থান লাভৰ পাছতেই ধলপুৰৰ লগতে সমগ্ৰ লখিমপুৰ জিলাৰ ক্ৰীড়াপ্ৰেমীৰ মাজত আলোড়নৰ সৃষ্টি হৈছে ৷ বিহপুৰীয়া বিধানসভা সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা, লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকা, ধলপুৰ ইউনাইটেড স্পৰ্টিং ক্লাবৰ সঞ্জীৱ দুৱৰা, দুলু শৰ্মা, জিন্টু বণিয়া,নৱদ্বীপ (নয়নমণি) বৰুৱা, লখিমপুৰ জিলা মটক সন্মিলনৰ হৈ সম্পাদক দুলেশ্বৰ বৰুৱাকে প্ৰমুখ্য কৰি বিভিন্ন দল-সংগঠন, ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু সচেতন মহলে ভাৰ্গৱৰ সফলতাত অভিনন্দন জনাইছে ৷
প্ৰেৰক মাধুৰ্য দাস