🔹 ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰাৰ সন্দেহ
বিশেষ বাৰ্তা, ৯ অক্টোবৰ : শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি সমষ্টিৰ ঠেলামৰাত ঘটিল অঘটন। ঠেলামৰা থানাৰ অন্তৰ্গত কাঠনীবাৰী গাঁৱত বেলশিৰি নৈৰ নিকটৱৰ্তী স্থানত এগৰাকী মানসিক বিকাৰগ্ৰস্ত যুৱতীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত । ঘটনাৰ বিৱৰণী অনুসৰি, ৫ অক্টোবৰৰ পৰা গাঁৱৰ পথাৰত ঘাঁহ কাটিবলৈ যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছিল ঠেলামৰা আৰক্ষী থানাৰ অন্তৰ্গত কাঠনীবাৰী গাঁৱৰ মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকী ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে ঠেলামৰা থানাত যুৱতীগৰাকী নিৰুদ্দেশ সম্পৰ্কে জাননী দিছিল যদিও যুৱতীগৰাকীৰ কোনো সম্ভেদ লাভ কৰা নাছিল ৷ আজি মানসিক বিকাৰগ্ৰস্ত যুৱতীগৰাকীৰ অৰ্ধ উলংগ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত ৰাইজ তথা পৰিয়ালবৰ্গই কোনো দুৰ্বৃত্তই যুৱতীগৰাকীক ধৰ্ষণ কৰি নিৰ্মমভাৱে হত্যা কৰা বুলি সন্দেহ ব্যক্ত কৰিছে । ইতিমধ্যে যুৱতীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
প্ৰেৰক কল্পজ্যোতি নাথ