নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ : ধুবুৰীৰ বালুৰচৰৰ এটা পূজা মণ্ডপৰ থীম এইবেলি দুৰ্গাপূজাত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা বুলি চৰ্চা চলিছে । ‘কঁপিছে মাৰ বুকু’ শীৰ্ষক থীমভিত্তিক সেই পূজা মণ্ডপটোত সম্প্ৰতি বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়টো তুলি ধৰিবলৈ প্ৰয়াস কৰা দেখা গৈছে। সমান্তৰালকৈ ১৯৪৭ চনৰ দেশ বিভাজনৰ সময়ত তদানীন্তন পূব পাকিস্তান (বৰ্তমান বাংলাদেশ)ৰ পলাই অহা লোকসকলৰ দুখ ভৰা গাথাৰ সমাহাৰ ঘটিছে মণ্ডপটোৰ সাজসজ্জাত। উল্লেখ্য যে এই দুৰ্গাপূজাখনে এইবেলি ২৭ বছৰ স্পৰ্শ কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী