নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেটাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ স্মৰণিকা ‘কাত্যায়নী’ উন্মোচন

বিশেষ বাৰ্তা, ১০ অক্টোবৰ : বৃহত্তৰ ভেটাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ স্মৰণিকা ‘কাত্যায়নী’ৰ অষ্টাদশ সংখ্যাটি আজি শুক্লা সপ্তমী তিথিৰ পুৱা দুৰ্গাপূজা প্ৰাংগণত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ‘কাত্যায়নী’ সম্পাদনা সমিতিৰ অন্যতম উপদেষ্টা ড০ ধ্ৰুৱজ্যোতি শৰ্মাই আঁত ধৰা উন্মোচনী অনুষ্ঠানটিত সম্পাদক ৰমণী কান্ত শৰ্মাই আদৰণী ভাষণেৰে লক্ষ্য আৰু উদ্দেশ্য অৱগত কৰাৰ পাছত বিশিষ্ট কবি, লেখক প্ৰণৱ কুমাৰ বৰ্মনে ‘কাত্যায়নী’ আনুষ্ঠানিকভাৱে উন্মোচন কৰে। উন্মোচকৰ ভাষণত তেওঁ দুৰ্গাপূজাৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ নিমিত্তে এক সাৰগৰ্ভ আলোকপাত আগবঢ়ায়। প্ৰসংগতে তেওঁ বৃহত্তৰ ভেটাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ প্ৰয়াসকো ভূয়সী প্ৰশংসা কৰে। শ্ৰোতা-দশৰ্কৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই তেওঁ দুটি জনপ্ৰিয় স্ব-ৰচিত কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে। সভাত ‘কাত্যায়নী’ সম্পাদনা সমিতিৰ সভাপতি গোকুল কুমাৰ শৰ্মাই ‘কাত্যায়নী’ৰ নেপথ্যৰ বিভিন্ন অলিখিত দস্তাবেজ অৱগত কৰি চমু ভাষণ দিয়ে। অন্যতম উপদেষ্টা ড০ ধ্ৰুৱজ্যোতি শৰ্মায়ো বিশিষ্ট কবি প্ৰণৱ কুমাৰ বৰ্মনে অসমীয়া কাব্য সাহিত্যলৈ আগবঢ়োৱা অৱদান ব্যাখ্যা কৰি তেওঁৰ কবিতাই চেতনাক জাগ্ৰত কৰি জীৱনৰ কথা সাৱলীলভাৱে প্ৰকাশ কৰে বুলি জানিবলৈ দিয়ে। সভাত বৃহত্তৰ ভেটাপাৰা সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ সভাপতি কল্যাণ বেজবৰুৱা, ভেটাপাৰা দুৰ্গা মন্দিৰ উন্নয়ন সমিতিৰ কাৰ্যকৰী সভাপতি জগদীশ কুমাৰ, ‘কাত্যায়নী’ সম্পাদনা সমিতিৰ উপদেষ্টা জগন্নাথ দাস, সম্পাদনা সহযোগীবৃন্দ মালবিকা বুঢ়াগোহাঁই, ৰিণ্টু খাৰঘৰীয়া আৰু লক্ষ্যধৰ ডেকা উপস্থিত থাকে।

You might also like